উদ্ধৱ থাকৰে চৰকাৰৰ পতন হ’লে মহাৰাষ্ট্ৰত গঠন হ’ব নেকি বিজেপি চৰকাৰ?

Number games, possible scenarios; here's all you need to know about Maharashtra  political crisis 

 উদ্ধৱ থাকৰে চৰকাৰৰ পতন হ’লে মহাৰাষ্ট্ৰত গঠন হ’ব নেকি বিজেপিৰ চৰকাৰ? বিজেপি আৰু মিত্ৰদলৰ আছে ১১৩জন বিধায়ক। এই মুহূৰ্তত চৰকাৰ গঠন কৰিবলৈ লাগে ১৪৩জন বিধায়ক। চৰকাৰ গঠন কৰিবলৈ বিজেপিক লাগে আৰু ৩০জন বিধায়ক। বিদ্ৰোহী শিৱ সেনা গোটে বিজেপিক সমৰ্থন কৰিলে বিজেপিৰ শক্তি ১৫২জনলৈ বৃদ্ধি পাব। এনে পৰিস্থিতিত অনায়াসে বিজেপিয়ে গঠন কৰিব পাৰে চৰকাৰ। কিয়নো একনাথ সিন্দেই কংগ্ৰেছ-এন চিপিক এৰি বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ আহ্বান জনাই আহিছে উদ্ধৱ থাকৰেক। আজি মহাৰাষ্ট্ৰ বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰৰ সকলো বিজেপি বিধায়কক মুম্বাইত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

ইফালে, একনাথ সিন্দেৰ সৈতে আছে শিৱ সেনাৰ ৩৯ বিধায়ক। উদ্ধৱ থাকৰেৰ সৈতে আছে শিৱ সেনাৰ ১৬ বিধায়ক। মহাৰাষ্ট্ৰত চলি আছে কংগ্ৰেছ–NCP-শিৱ সেনাৰ চৰকাৰ। মহাৰাষ্ট্ৰ বিকাশ অঘাৰী চৰকাৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। MVA চৰকাৰৰ আছিল ১৬৯জন বিধায়ক। শিৱ সেনাৰ ৩৯ বিধায়কক বাদ দিলেই সংখ্যালঘুত পৰিণত হ’ব MVA চৰকাৰ।

Post a Comment

0 Comments