কথা নোকোৱাকৈয়ে ভিডিঅ’ কৰি হিট! ২২ বছৰত ২০ কোটি ফলোৱাৰ এইজন টিকটক ষ্টাৰৰ

 Khaby Lame (TikTok Star) Wiki, Age, Height, Net Worth, Girlfriend And Bio 

বহুতেই তেওঁক চিনি পায়। বিশেষকৈ ছচিয়েল মিডিয়াত যিসকলে সময় কটায়। কথা নোকোৱাকৈয়ে ভিডিঅ’ কৰে তেওঁ। তাতেই হিট টিকটকাৰ খাবি লেম।

লাইফ হেকছ’ৰ ভিডিঅ’ কৰে তেওঁ। কিন্তু কোনো ভিডিঅ’তে কথা নকয় ছেনেগালৰ খাবি লেমে। কথা নক’লেই যেন তেওঁক দেখিবলৈ বেছি ভাল লা

কেৱল মুখৰ ভংগীমাৰেই যেন বহু কথা বুজাই দিয়ে খাবিয়ে। সহজ কাম কিদৰে জটিল কৰা হয় আৰু সেই জটিলতাই মনত কিমান বিৰক্তি আৰু মজাৰ উদ্ৰেক কৰে সেয়া মুখত ফুটাই তোলে তেওঁ।

মানুহক হঁহুৱালেও তেওঁৰ ব্যক্তিগত জীৱন কিন্তু সমস্যাৰে ভৰপূৰ। সৰুৰে পৰা ডিছলেক্সিয়া ৰোগত আক্ৰান্ত খাবি। পঢ়া–শুনা শেষ কৰিব নোৱাৰিলে। তেওঁৰ পৰিয়ালে ছেনেগালৰ পৰা ইটালিলৈ আহিবলগীয়া হৈছিল।

 

খাবিয়ে কেতিয়াবা হোটেলত কাম কৰিছে, কেতিয়াবা কাৰখানাত। কিন্তু কিছু বছৰ আগতে চাকৰি হেৰুৱাই ঠিক কৰে, এইবাৰৰ পৰা মজাৰ ভিডিঅ’ বনাব। আৰু সেই মজাৰ ভিডিঅ’ই তেওঁক জনপ্ৰিয় কৰি তুলিছে। ২২ বছৰত খাবিৰ ফলোৱাৰ ২০ কোটি।

চলিত বছৰত খাবিয়ে ইটালিৰ নাগৰিকত্ব পাইছে। বিভিন্ন আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত তেওঁক দেখা যায়। টিকটকত আটাইতকৈ বেছি ফলোৱাৰ থকা চাৰ্লি দি এমলিওকো অতিক্ৰম কৰিছে খাবিয়ে।

Post a Comment

0 Comments