ছাউথ আফ্ৰিকাৰ নাইট ক্লাবত উদ্ধাৰ ২২টাকৈ মৃতদেহ, দেহত নাছিল কোনো আঘাতৰ চিহ্ন, ৰহস্য

South Africa Nightclub : ছাউথ আফ্ৰিকাৰ নাইট ক্লাবত উদ্ধাৰ ২২টাকৈ মৃতদেহ,  দেহত নাছিল কোনো আঘাতৰ চিহ্ন, ৰহস্য

 ছাউথ আফ্ৰিকাত এটা নাইট ক্লাবত অঘটন। টেবুল-চেয়াৰ-ফ্লোৰত গোটেই ঠাইতে এটাৰ পিছত এটাকৈ প্ৰায় ২২টাকৈ মৃতদেহ পৰি আছিল ক্লাবটোত। দেওবাৰে ৰাতিপুৱাই দক্ষিণ আফ্ৰিকাৰ পূব লণ্ডনৰ এখন নাইট ক্লাবত ইমান সংখ্যক লোকৰ মৃতদেহ একেলগে পৰি থকা অৱস্থাত পোৱা গৈছিল। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে দেশখনত।

তেওঁলোকৰ মৃত্যু কেনেকৈ হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অনুসন্ধানকাৰীসকলে বিষক্ৰিয়াৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল নে আন কিবা কাৰণ সেয়া অনুসন্ধান কৰি আছে (At least 22 people found dead at a nightclub in South Africa)।

Post a Comment

0 Comments