আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ দিনাই নুমলীগড়ত ড্ৰাগছসহ আটক ৭ সৰবৰাহকাৰী, জব্দ এখন ট্ৰাক


 আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ দিনাই বোকাখাত আৰক্ষীৰ সাফল্য। নুমলীগড়ত গাঞ্জা আৰু ড্ৰাগছৰ সৈতে হাতে-লোটো ধৰা পৰে ড্ৰাগছ সৰহবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত যোৱা এটা দলে খেদি খেদি ধৰে ড্ৰাগছ মাফিয়া ৭টাক।

ইয়াৰে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ নাম আকবৰ আলী, আচিক আলী, আলম আলী, দীপক ৰাজবংশী, পৱিত্ৰ হাজৰিকা, বিপুল কছাৰী আৰু জমিৰুল আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখ্য যে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ লগতে নুমলীগড়ৰ এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায় চলাই আহিছে।

Post a Comment

0 Comments