দৰিদ্ৰতাক নেওচি উচ্চতৰ মাধ্যমিকত স্থান আঁজুৰিলে চন্দনে, পুত্ৰৰ ফলাফল পাই ফোনতে হুকহুকাই কান্দিলে ছিকিউৰিটী গাৰ্ড পিতৃয়ে

 Assam HS Admit Card 2022 (Link) AHSEC 12th Exam Date Details Here - MJPRU 

লক্ষ্য যদি স্থিৰ হয়, আত্মবিশ্বাস যদি দৃঢ় হয় তেনেহ'লে কোনো বাধাই আপোনাৰ সফলতাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে। বঢ়মপুৰৰ মাজপোতনি গাঁৱৰ চন্দন বৰাই সেই কথাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে। বঢ়মপুৰৰ মাজপোতনি গাঁৱৰ হৰেণ বৰা আৰু নমিতা বৰাৰ সন্তান চন্দন বৰাই এইবাৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত নৱম স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াইছে।

আৰ্থিক দৈন্যতাৰ বাবে চন্দন বৰাৰ পিতৃ হৰেণ বৰাই হায়দৰাবাদত ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি পৰিয়াল চলায়। পুত্ৰ চন্দনৰ ফলাফলৰ বাতৰি লাভ কৰি ফোনতে হুকহুকাই কান্দিলে পিতৃ হৰেণে। চন্দনৰ ফলাফলৰ বাতৰিয়ে আৱেগিক কৰি তুলিতে বঢ়মপুৰৰ মাজপোতনি গাঁৱৰ প্ৰতিটো পৰিয়ালৰ লগতে চন্দনে অধ্যয়ন কৰা গীতাঞ্জলি জুনিয়ৰ কলেজৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰীক। সৰুৰে পৰা অত্যন্ত মেধাৱী চন্দন বৰাই এইবাৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ৪৬১ নম্বৰৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে

Post a Comment

0 Comments