অক্ষয় কুমাৰ (Akshay Kumar)ৰ ছবি ‘পৃথ্বীৰাজ’ৰ নাম সলনি কৰি ‘সম্ৰাট পৃথ্বীৰাজ’ (Samrat Prithviraj) কৰা হয়। ইয়াৰ আগতেও জনসাধাৰণৰ অনুভৱ আৰু তথ্যৰ কথা মনত ৰাখি ছবিৰ নাম সলনি কৰিব লগা হৈছিল। অক্ষয় কুমাৰ (Akshay Kumar)ৰ ছবি ‘পৃথ্বীৰাজ’ৰ নাম সলনি কৰি ‘সম্ৰাট পৃথ্বীৰাজ’ (Samrat Prithviraj) কৰা হয়। ইয়াৰ আগতেও জনসাধাৰণৰ অনুভৱ আৰু তথ্যৰ কথা মনত ৰাখি ছবিৰ নাম সলনি কৰিব লগা হৈছিল। পৃথ্বীৰাজঃ ছবিখনৰ নাম এতিয়া সলনি কৰি ‘সম্ৰাট পৃথ্বীৰাজ’ কৰা হৈছে। কৰ্ণী সেনাৰ হেঁচাত এই কাম কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ নামক লৈ আপত্তি কৰিছিল কৰ্ণী সেনাই। ৩ জুনত ছব…
কংগনা ৰানাৱট অভিনীত চলচ্চিত্ৰ ''ধাকড়''ৰ অষ্টম দিনৰ আয়ৰ যি তথ্য আহিছে, সেয়া অতি পুতৌজনক হোৱা দেখা গৈছে। কেৱল কংগনা ৰাণাৱটৰ ( Kangana Ranaut) কেৰিয়াৰেই নহয় 'ধাকড়' বলীউডৰ শ্ৰেষ্ঠ ফ্লপৰ তালিকাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। বক্স অফিচৰ (Box Office) তথ্য অনুসৰি অষ্টম দিনটোত (২৭ মে') কথাছবিখনে ৪,৪০০ টকাৰ ব্যৱসায় কৰিছে। সমগ্ৰ দেশৰ মাত্ৰ ৫০জনতকৈও কম লোকে চিনেমাখন চাইছে। টিকট বিক্ৰী হৈছে প্ৰায় ২০টা। কিন্তু মহিলা কেন্দ্ৰিক ছুপাৰ-হিৰো চলচ্চিত্ৰসমূহৰ ভিতৰত 'ধাকাড়' (Dhaakad) হৈছে আটাইতকৈ বেছি বাজেটৰ চলচ্চিত্ৰ। ক…
সুদীৰ্ঘ তিনি দশকৰ পিছত অৱশেষত আজি আমগুৰিবাসীৰ এটা সপোনে পূৰ্ণতা লাভ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিব বহু প্ৰত্যাশিত আমগুৰি সৌৰশক্তি প্ৰকল্প। এই সৌৰ শক্তি প্ৰকল্পটো উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ সৌৰশক্তি প্ৰকল্প। উল্লেখযোগ্য যে, ১৯৯০ চনৰ পৰাই চৰ্চাত থকা আমগুৰিৰ এই সপোনৰ প্ৰকল্পটো অৱশেষত সম্পূৰ্ণ কৰি তোলা হৈছে। উল্লেখযোগ্য যে, ১৯৯০ চনৰ ২১ নৱেম্বৰত তেতিয়াৰ অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আমগুৰিৰ লালিমচাপৰিত তাপ বিদ্যুত প্ৰকল্পৰ বাবে আধাৰ শিলা স্থাপন কৰিছিল যদিও ৰাজনৈতিক অৰিয়া অৰিত প্ৰকল্পটো হৈ নুঠ…
দক্ষিণ কামৰূপৰ জোৰশিমুলীত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ ন-পত্নীক৷ জেছমিনা খাতুন নামৰ এগৰাকী বোৱাৰীক ডিঙি চেপি হত্যা। হত্যাকাণ্ডত শাহুৱেক আৰু শহুৰেকো জড়িত থকাৰ অভিযোগ বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালৰ। গৰৈমাৰীৰ জোৰশিমুলী গছপোতা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। হাতীগাঁৱৰ চাঞ্চল্যকৰ ইমাম হত্যাকাৰী তথা কুখ্যাত ডকাইত ছবুৰ আলীক জোৰশিমুলী গছপোতা গাঁৱৰ পৰা আটক কৰাৰ চাঞ্চল্য মাৰ নৌ-যাওঁতেই গাঁওখনত আন এক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য৷ ইতিমধ্যে, জোৰশিমুলী আৰক্ষীয়ে অভিযুক্ত স্বামীসহ শ…
শিলচৰত প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি। কাজিয়া কৰি প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি। সংকটজনক অৱস্থাত প্ৰেমিকক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বিগত চাৰি বছৰ ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। চহৰৰ নিলগৰ বাইপাছত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাত প্ৰেমিকাই আক্ৰমণ কৰে প্ৰেমিকক। আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী প্ৰেমিকাক। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চৰকাৰে ইয়াক দেশৰ যিকোনো প্ৰকাৰৰ মূল নথিপত্ৰৰ দৰে একে মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰিছে, যদি তেওঁলোকে এই চৰকাৰী ৱালেটত নথিপত্ৰ সংৰক্ষণ কৰে। শেহতীয়াকৈ ভাৰত চৰকাৰে ঘোষণা কৰিছে যে WhatsAppৰ সৈতে DigiLocker সেৱা ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ইয়াৰ বাবে MyGov হেল্পডেস্কৰ সহায় ল'ব লাগিব । কেন্দ্ৰই দাবী কৰিছে যে ই চৰকাৰী সেৱাসমূহ অধিক সুলভ কৰি তুলিব। দৰাচলতে DigiLocker হৈছে ভাৰতত ডিজিটেল ইণ্ডিয়া (Digital India) প্ৰকল্পৰ মুখ্য উদ্যোগ । ইয়াৰ জৰিয়তে চৰকাৰে ডিজিটেল সশক্তিকৰণ প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰি আছে । দৰাচলতে, ডিজিলকাৰ হৈছে এক ডিজিটেল ৱাল…
চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাঁৱত যোৱানিশা এটা সাতজনীয়া ডকাইতৰ দলে ট্ৰাকৰ পৰা বৈধ বিলাতী সুৰা লুট-পাত কৰাৰ প্ৰচেষ্টা চলায় ৷ ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল উপস্থিত হৈ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত দুটা ক্ৰমে বিজনীৰ বাটাবাৰীৰ মামদ ফুলচান আলী(৩২) আৰু মোনাকোচাৰ ৰিয়াজ আহমেদ(২৬)। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখে বিলাতী সুৰা কঢ়িওৱা WB 51C 4956 নম্বৰৰ ট্ৰাকখনক ডকাইতৰ দলটোৱে বৰপেটাৰ পৰা অনুসৰণ কৰে। ট্ৰাকখনৰ চালকে ভয়তে ডাঙাইগাঁওস্থিত ভাই ভাই ধাবাত ৰখাই দিয়ে ট্ৰাকখন। ইয়াৰ পিছতো ডকাইতৰ দলটোৱে ট্ৰাকখনৰ কাগজ-পা…
বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ (Foreign Exchange Reserve/Forex Reserves) কিছু পৰিমাণে বৃদ্ধি পাইছে। ২০ মে'ত সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৪.২৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈ ৫৯৭.৫০৯ বিলিয়ন ডলাৰ হৈছে। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) প্ৰকাশ কৰা তথ্যত এই তথ্য প্ৰদান কৰা হৈছিল। ইয়াৰ আগতে, ১৩ মে'ত সমাপ্ত হোৱা সপ্তাহত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ২.৬৭৬ বিলিয়ন ডলাৰ হ্ৰাস হৈ ৫৯৩.২৭৬ বিলিয়ন ডলাৰ হয়। ৬ মে'ত সমাপ্ত হোৱা সপ্তাহত, ই ১.৭৭৫ বিলিয়ন ডলাৰ হ্ৰাস হৈ ৫৯৫.৯৫৪ বিলিয়ন ডলাৰ হৈছিল।
অধিকসংখ্যক মানুহেই হাতত গৰম চাহ লৈ ওঁঠত চিগাৰেট তুলি লয় জ্বলন্ত চিগাৰেট। কিন্তু গৱেষণাই কৈছে, এই ধৰণৰ অভ্যাসে বৃদ্ধি কৰিব পাৰে কেঞ্চাৰৰ সম্ভাৱনা! ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, এই কথা সকলোৱে জানে! ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ কথা প্ৰচাৰো হয় নানা ধৰণে। আনকি চিগাৰেটৰ পেকেটতো বিধিবদ্ধ সতৰ্কীকৰণ ছপা থাকে। কিন্তু ৩১ মে’, প্ৰতি বছৰে বিশ্ব ধঁপাত বৰ্জন দিৱস (World No Tobacco Day) পালন কৰা হয়। কিন্তু তাৰ পিছতো কোনো পৰিৱৰ্তন অহা নাই। অধিকসংখ্যক মানুহেই হাতত গৰম চাহ লৈ ওঁঠত চিগাৰেট তুলি লয় জ্বলন্ত চিগাৰেট। কিন্তু গৱেষণাই কৈছে, এই ধৰণৰ অভ্যাসে বৃদ্…
যোৱা ২৪ ঘণ্টাৰ ভিতৰত দেশত নতুনকৈ ২৩৩৮ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে। একে সময়তে ১৯ কোৰোণা আক্ৰান্তৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও ২, ১৩৪ গৰাকী কোৰোণা আক্ৰান্ত লোক সুস্থ হৈ উঠিছে। বৰ্তমান দেশত সক্ৰিয় কোৰোণা ৰোগীৰ সংখ্যা হৈছে ১৭ হাজাৰ ৮৮৩ জন। দেশত আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৪ শতাংশ। যোৱা ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ৮১৫ জন কোৰোণাত আক্ৰান্ত হৈছে। একে সময়তে ১৩জন আক্ৰান্ত লোকৰ মৃত্যু হয়। কেৰেলাত পজিটিভিটিৰ হাৰ ৭.৫৪ শতাংশ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত দৈনিক পজিটিভিটিৰ হাৰ ০.৬৪ শতাংশ। সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.৫৬ শতাংশ। দেশত কোৰোণাৰ পৰা…
ঘোষণা হ'ল ২০২১ বৰ্ষৰ UPSC ফলাফল। প্ৰথম তিনি স্থানত নাৰীৰ জয়যাত্ৰা। ৫০৬ সংখ্যক স্থানেৰে অসমৰ নাম উজলালে শিল্পা খনিকৰে। সৰুৰে পৰা অত্যন্ত মেধাৱী শিল্পাই স্কুলীয়া শিক্ষা দিছপুৰৰ আনন্দ একাডেমীত সম্পন্ন কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত শিলচৰ এনআইটিৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে শিল্পাই। ২০১৮ চনৰ পৰা ইউ পি এছ চিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল শিল্পা খনিকৰে। গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত মেঘমল্লাৰ এপাৰ্টমেণ্টৰ বাসিন্দা…
আশ্বিকুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে BPCHৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। অৱশেষত আৰক্ষীৰ আক্ৰমণত মৃত্যু হ'ল বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ! দেওবাৰে দিনত নগাঁও আৰক্ষীৰ অভিযানত আটক হোৱা আশ্বিকুলক লৈ নিশা নগাঁও আৰক্ষীৰ এটা দলে আশ্বিকুলৰ জুৰীয়াৰ সোণাইবেৰাস্থিত বাসগৃহত অভিযান চলাবলৈ গৈছিল। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই সংবাদ মাধ্যমক জনোৱা অনুসৰি, "আমি আশ্বিকুলে থানা আক্ৰমণৰ উচতনি দিয়াৰ সময়ত পৰিধান কৰা ৰঙা টি-চাৰ্ট আৰু আশ্বিকুলে লুকুৱাই থোৱা অস্ত্ৰ বিচাৰি ঘৰত অভিযান চলাইছিলো। অভিযানত আশ্বিকুলৰ ঘৰত এটা 7.65mm প…
সোমবাৰে পুৱতি নিশা থৌবাল জিলাৰ চাপাম মায়াই লেইকাইৰ এটা কমিউনিটি হলৰ ভিতৰত এক শক্তিশালী IED বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। সোমবাৰে খোংজোম আৰক্ষী থানাৰ অন্তৰ্গত থৌবাল জিলাৰ সপম মায়াই লেইকাইত অৱস্থিত কমিউনিটি হলটোৰ ভিতৰত সন্দেহজনক শক্তিশালী IED বিস্ফোৰণ হোৱাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক আৰক্ষীয়ে জনোৱা অনুসৰি, পানীৰ টেংক নিৰ্মাতা কোম্পানী কয়া আৰু জিচিকেচিত নিয়োজিত কিছুমান অ-মণিপুৰী বনুৱা থকা কমিউনিটি হলত পুৱা প্ৰায় ১.১৪ বজাত আইইডি বিস্ফোৰণ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত লোকজন পশ্চিম বংগৰ খৰিয়াতাবাদৰ নিৰ্মল মহাতোৰ পুত্ৰ ২১ ব…
বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ বাবে যেন ৰীলছ বনোৱা, ইউটিউৱত ভিডিঅ' বনুৱা এক প্ৰতিযোগিতা হৈ পৰিছে । নুমলীগড়ত ঘৰচীয়া হাতীৰ লগত ৰীলছ বনাবলৈ গৈ এজন যুৱক আহত হৈ চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয় । যিয়ে যেনেকৈ পাৰে সকলো হৈ পৰিছে একো একোজন অভিনেতা। তাৰ মাজতে আকৌ এচামে দুঃসাহস কৰি ভিন্ন সময়ত মাতি আনিছে নিজৰ জীৱনলৈ বিপদ । এইবাৰ গোলাঘাটৰ মৰঙী হাবিগাঁৱৰ গেজিং অঞ্চলত সংঘটিত হৈছে এক ঘটনা। এটা বান্ধি থোৱা ঘৰচীয়া হাতীৰ লগত ৰীলচ বনাবলৈ গৈ আক্ৰমণৰ বলি এজন যুৱক । যুৱকজনৰ নাম প্ৰীতম শইকীয়া । লগত কেইজনমান বন্ধুৰ সৈতে ঘৰচীয়া হাতীটোক এখন কলপাত দিবলৈ যাওঁতেই হ…
ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে কিবা এটা কৰাৰ হাবিয়াস সকলোৰে থাকে। এনে এটি সপোন বুকুত বান্ধি বিজনীৰ কাবিলিবাগানৰ যুৱক সন্দীপ সাহাই স্কুটীৰে যাত্ৰা আৰম্ভ কৰিছিল বৰফৰ দেশ লাডাখলৈ (travels from Bijni to Ladakh by scooty)। সম্পূৰ্ণ ৩২ দিনৰ অন্তত লাডাখ ভ্ৰমণৰ কৰি বিজনীত আহি উপস্থিত হয় সন্দীপ সাহা। সপোনক সাকাৰ কৰি সাহাই সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে লাডাখ ভ্ৰমণৰ অভিজ্ঞতা। লাডাখৰ মনোমোহা দৃশ্য প্ৰত্যক্ষ কৰি ভ্ৰমণ কৰি ভালপোৱা ব্যক্তিক জীৱনত এবাৰ হ'লেও লাডাখ ভ্ৰমণ কৰিবলৈ আহ্বান সন্দীপ সাহাৰ। সম্পূৰ্ণ নিজা খৰচেৰে স্কুটীৰে লাডাখ ভ্ৰমণ কৰি বিজ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ কাইলৈ চলিত কাৰ্যকালৰ তিনিটা বছৰ সম্পূৰ্ণ হ’ব ৷ সেই অনুসৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাকজমকতাৰে বৰ্ষপূৰ্তি পালনৰ পৰিকল্পনা কৰিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে হিমাচল প্ৰদেশৰ পৰা দেশবাসীক সম্বৰ্ধন কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ তিনিটা স্থানত সভা অনুষ্ঠিত কৰা হ’ব ৷ চৰাইদেউত আয়োজিত সভাত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা উপস্থিত থকাৰ উপৰি বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰিব ৷ তিনিও স্থানতে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰ্চুৱেলী সম্বন…
Union Public Service Commission চমুকৈ UPSC-এ সোমবাৰে ঘোষণা কৰিলে ফলাফল। ইউপিএছচি টপাৰ 2021 তালিকা অনলাইনত প্ৰকাশ কৰিছে। এই বছৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু গামিনী সিংগলাই। সম্পূৰ্ণ তালিকা upsc.gov.inৰ জৰিয়তে চাব পাৰিব। এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। পঞ্চম স্থান দখল কৰিছে উত্কৰ্ষ দ্বিৱেদীয়ে। ভাৰত চৰকাৰৰ অধীনত IAS, IPS, IFS আৰু অসামৰিক সেৱাৰ আন বহুতো শাখাৰ …
বিৰোধীৰ লক্ষ্য ২০২৪ চনৰ লোকসভা নিৰ্বাচন। সৰভোগ সমষ্টিৰ চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলক মৌলবাদী দল আখ্যা দিছে। সমান্তৰালভাৱে বাওপন্থী দল সমুহৰ লগতে জাতীয় কংগ্ৰেছ, আখিল গগৈৰ ৰাইজৰ দল, অজাপকলৈ লোকসভাত যুজঁ দিয়াৰ পৰিকল্পনা কৰিছে বিৰোধীয়ে। সৰভোগৰ বিধায়কগৰাকীৰ মতে AIUDF ৰ বাবেই অসমত শক্তিশালী হৈছে শাসকীয় বিজেপি। বিৰোধীৰ লক্ষ্য ২০২৪ চনৰ লোকসভা নিৰ্বাচন। বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ বিৰোধীৰ। আগন্তুক লোকসভা নিৰ্বাচনকলৈ এক্সট্ৰা ষ্ট্ৰেটেজী বনাব সম্মিলিত বিৰোধীয়ে। লোকসভা নিৰ্বাচনকলৈ বিশেষ ৰণকৌশলৰ কথ…
ড্ৰাগছৰ বিৰুদ্ধে সষ্টম নগাওঁ আৰক্ষী। জখলাবন্ধা আৰক্ষীৰ জালত পুনৰ এক ড্ৰাগছ পেডলাৰ। জখলাবন্ধাৰ বাঘজানৰ পৰা ড্ৰাগছ পেডলাৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পেডলাটোৰ নাম ৰিকু আনছাৰী। ধৃত ৰিকু আনছাৰীৰ ঘৰ জখলাবন্ধাত। জখলাবন্ধাৰ বাঘজানৰ এন আৰ এল পেট্ৰ'ল পাম্পৰ সমীপতে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই স্থানীয় ৰাইজৰ সহযোগত ৰিকু আনছাৰীক গ্ৰেপ্তাৰ কৰে জখলাবন্ধা আৰক্ষীয়ে। ধৃত ৰিকু আনছাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিটা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ। পূৰ্বেও ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰিছে জখল…
৩১ মে' ত ৰাজ্যজুৰি পালন কৰা হ'ব বিশ্ব ধঁপাত বিৰোধী দিৱস। এইবাৰ ধঁপাতবিৰোধী দিৱসৰ থীম হৈছে "পৰিৱেশৰ প্ৰতি ভাবুকি"। ধঁপাত বিৰোধী দিৱসৰ (World No Tobacco Day) পূৰ্বে ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষে সংবাদ মেলযোগে জনায় বহু উদ্বেগজনক তথ্য। বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষত ২৮ শতাংশ লোকে ধঁপাত সেৱন কৰে। অসমত বৰ্তমান ৫০ শতাংশ লোকে ধঁপাত সেৱন কৰে। প্ৰত্যেক বছৰে ৪ পৰা ৫ ত্ৰিলিয়ন চিগাৰেটৰ টুকুৰাই পৰিৱেশ প্ৰদূষিত কৰি আহিছে। প্ৰতিবছৰে ধঁপাতে ৮৪ মিলিয়ন কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰি আহিছে। প্ৰত্যেক বছৰে ২০০ লাখ হেক্টৰ ভূমি ধঁপাত জাতীয় ক…
সোমবাৰে পুৱা সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পাইছে আৰু সোণে আকৌ এবাৰ ৫১ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। ৰূপৰ দামো আজি বৃদ্ধি পাইছে আৰু ই ৬২ হাজাৰৰ ওপৰত ব্যৱসায় কৰি আছে। সোমবাৰে ৰাতিপুৱা, MCXত ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১৩৯ টকা বৃদ্ধি হৈ ৫১,০৫২ টকা হয়। ইয়াৰ আগতে, সোণৰ ব্যৱসায় ৫০,৯৭৪ ত মুকলি হৈছিল, কিন্তু বৰ্ধিত চাহিদাৰ বাবে, দাম ০.২৭ শতাংশ বৃদ্ধি হৈ ৫১ হাজাৰৰ সীমা অতিক্ৰম কৰে। এই মাহৰ আৰম্ভণিতে, সোণৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছিল। ৰূপৰ দামো বৃদ্ধি পাইছে- সোণৰ দৰে আজি প্ৰাৰম্ভিক বাণিজ্যত ৰূপৰ মূল্যও বৃদ্ধি…
আজি ঘোষণা কৰা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল। এইবাৰ ফলাফলত অসমৰ দুগৰাকী সন্তানে সফলতা লাভ কৰিছে। UPSC পৰীক্ষাত ৫০৬ নম্বৰ স্থানত জিলিকিল অসমৰ শিল্পা খনিকৰ। আনহাতে ৬৩৯ নম্বৰ স্থান লাভ কৰিছে অসমৰ দেৱজ্যোতি বৰ্মনে। এই বছৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু জামিনী সিংগলাই। সম্পূৰ্ণ তালিকা upsc.gov.inৰ জৰিয়তে চাব পাৰিব। এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। পঞ্চম স্থ…
অসমক আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তুলিলে তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁইক আইবিএৰ এথলীট কমিটীৰ পৰিচালক মণ্ডলীত অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। এই কথা ঘোষণা কৰিছে আন্তৰ্জাতিক বক্সিং এছ'চিয়েশ্যনে (আইবিএ)। কেৱল লাভলীনাই নহয় অসম সন্তান বক্সাৰ শিৱ থাপাকো আইবিএ এথলীট কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে। ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছিল আৰু এনেদৰে ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচি…
কোৱালিফায়াৰ ১ত গুজৰাট টাইটানছৰ হাতত পৰাজিত হোৱাৰ পিছত ৰাজস্থান ৰয়েলছে IPL২০২২ ট্ৰফীত বৰ্তী থাকিবলৈ আন এখন যুঁজ দিব লাগিব। ফাইনেলৰ প্ৰৱেশ কৰিবলৈ সঞ্জু চেমছনৰ ৰাজস্থান ৰয়েলছে শুকুৰবাৰে কোৱালিফায়াৰ 2-ত এলিমিনেটৰ বিজয়ী তথা ফাফ ডু প্লেচিছৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সৈতে মুখামুখী হ'ব। কিন্তু ইয়াতে শেষ নহয়। আই পি এলৰ অনুৰাগীসকলে পাহৰি যোৱা নাই ৰিয়ান পৰাগ আৰু হৰ্ষল পেটেলৰ কাজিয়া। পিছে কিয় হৈছিল কাজিয়া? ঠিক এমাহ পূৰ্বে, আৰচিবিৰ হৰ্ষল পেটেলে খেলৰ পিছত দুয়োটা দলৰ খেলুৱৈসকলৰ কাষ্টমাৰী মিটিঙত ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগৰ সৈতে হাত মিলাবল…
গুডফেলাছৰ (Goodfellas) তাৰকা ৰে লিওটাৰ (Ray Liotta) মৃত্যু হৈছে। ৬৭ বছৰ বয়সত তেওঁ বিশ্বক বিদায় জনায়। কেৱল হলিউডৰ তাৰকাসকলেই নহয় অনুৰাগীসকলেও তেওঁৰ মৃত্যুৰ বাতৰিটোত হতবাক হৈ পৰিছে। গুডফেলাছৰ (Goodfellas) তাৰকা ৰে লিওটাৰ (Ray Liotta) মৃত্যু হৈছে। ৬৭ বছৰ বয়সত তেওঁ বিশ্বক বিদায় জনায়। কেৱল হলিউডৰ তাৰকাসকলেই নহয় অনুৰাগীসকলেও তেওঁৰ মৃত্যুৰ বাতৰিটোত হতবাক হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁ ডমিনিকান গণৰাজ্যত শেষ নিশ্বাস ত্যাগ কৰিছে (Ray Liotta dies in Dominican Republic)। ৰে লিওতাই 'গুডফেলাছ' চলচ্চিত্ৰত ডকাইত 'হেনৰ…
কংগ্ৰেছ দলৰ সকলো পদবীৰ পৰা পদত্যাগ কৰিলে নেকি প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে? এই খবৰকলৈ বৃহস্পতিবাৰে তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি। প্ৰাক্তন মন্ত্ৰীজনৰ পৰা প্ৰতিক্ৰিয়া বিচৰাত তেওঁ হজৰ পৰা আহি দিল্লীত উপস্থিত হৈ সকলো কথা খুলি কব বুলি জনাইছিল। আৰু দিল্লীত উপস্থিত হোৱাৰ পিছত শুকুৰবাৰে বিষয়টোৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ৰকিবুল হুছেইনে কয় যে, 'মই পদত্যাগ কৰা নাই। ৱাজেদ আলি চৌধুৰীয়ে কিয় কৈছে তেওঁ জানে। কালিৰ পৰা দলৰ হৈ আৰু অধিক সক্ৰিয় হৈ কাম কৰিম। ৰাইজে মোক ভাল পাই বাবে মই অন্য দললৈ যাম বুলি ওলাই থাকে…
শিৰুই লিলি উৎসৱ ২০২২ (Shirui Lily Festival 2022) ৰ চতুৰ্থ সংস্কৰণ শিৰুই গাঁৱৰ খেলপথাৰত আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ উপস্থিতিত বুধবাৰে ৰাজ্যপাল লা গণেশনে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰিছে।পৰ্যটন বিভাগে উখৰুল জিলা প্ৰশাসন আৰু শিৰুই গাওঁ কৰ্তৃপক্ষৰ সহযোগত ২৮ মেলৈকে উৎসৱৰ আয়োজন কৰিছিল। চাৰি দিনীয়া উৎসৱৰ প্ৰথম দিনটোত, বহুতো স্থানীয় পৰ্যটকই শিৰুই গাঁৱত ভিৰ কৰে, যি হৈছে শিৰুই পাহাৰৰ ফুট পাহাৰৰ ওচৰৰ স্থান, য'ত প্ৰত্যক্ষ হয় পাহাৰৰ ওপৰৰ অংশৰ মনোৰম সৌন্দৰ্য , পাহাৰৰ ওপৰৰ ঠাই য'ত ৰাজ্যিক ফ…
বিশ্বব্যাপী স্বাস্থ্য সংকটৰ সময়ত বা অন্য সংকট দূৰীকৰণৰ সময়তে এখন চৰকাৰৰ মান নিৰূপণ কৰিব পাৰি। কোভিড-19 মহামাৰীয়ে আমাৰ স্বাস্থ্যসেৱা প্ৰণালীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। আৰু এনে জটিল সময়ত বিভিন্ন প্ৰত্যাহ্বান নেওচি কেন্দ্ৰীয় চৰকাৰে যিদৰে সন্মুখৰ পৰা নেতৃত্ব দিলে সেয়া বিৰল। অনে সময়ত প্ৰতিজন নাগৰিকৰ বাবে সাৰ্বজনীন, কাৰ্যকৰী, বহনক্ষম আৰু সুলভ স্বাস্থ্যসেৱা প্ৰাপ্ত কৰাৰ পথত আগবাঢ়িছে ভাৰতবৰ্ষ। যোৱা আঠবছৰৰ ভিতৰতঃ কোভিড মহামাৰীয়ে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছিল। কিন্তু চৰকাৰৰ দ্ৰুত পদক্ষেপৰ বাবে, আমি সোনকালেই পুনৰুদ্ধাৰ কৰিছো। যাৰ ভিতৰত আছে মা…
কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তিৰাজ মন্ত্ৰী গিৰিৰাজ সিঙৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবাটোকৈ প্ৰেৰণাদায়ক বৈশিষ্ট্য হৈছে যে, তেওঁ এগৰাকী মহান শ্ৰোতা। জনসাধাৰণৰ সমস্যা বুজি উদাহৰণসহ তেওঁ কাম কৰিব পাৰে। "মই তেওঁৰ ওচৰলৈ যেতিয়া ৰাজ্যিক মন্ত্ৰী হিচাপে বা কেবিনেট মন্ত্ৰী হিচাপে যাওঁ, মই এনে কোনো ধাৰণা আলোচনা কৰো যিয়ে জনতাৰ জীৱনৰ মান উন্নত কৰিব পাৰে বুলি তেওঁ ভাবে, তেন্তে তেওঁ কথাখিনি অতি গুৰুত্ব সহকাৰে শুনে আৰু আলোচনা কৰে। আৰু সকলো দিশ চালিজাৰি চাই কাৰ্যকৰী কৰে। এইটো তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য যিয়ে মোক বহুত অনুপ্ৰাণিত কৰিছ…
উত্তৰাখণ্ড চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত ধৰ্মীয় শিক্ষা কেনেদৰে অন্তৰ্ভুক্ত কৰিব পাৰি সেই বিষয়ে বিবেচনা কৰি আছিল। এতিয়া ড০ ধন সিং ৰাৱটে ঘোষণা কৰিছে যে বেদসমূহ চৰকাৰী বিদ্যালয়ত পঢ়োৱা হ'ব। উত্তৰাখণ্ড চৰকাৰে নতুন শিক্ষা নীতিত বেদৰ পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰিছে। বেদক চৰকাৰী বিদ্যালয়তো পঢ়োৱা হ'ব। উত্তৰকাশী জিলাৰ মুখ্য কাৰ্যালয়ৰ ওচৰৰ কুটেটি বেদ মন্দিৰত স্বামী বেদানন্দ বেদ বিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ ধন সিং ৰাৱাটে এই কথা কয়। এই মাহৰ আৰম্ভণিতে, ৰাৱাটে দুন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত কৈছিল যে সকলোৱে…
শিশু দুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত্যু হোৱা শিশু দুটি জোনাইত আলম(৩) আৰু চাইমা খাতুন(৮)। বাঢ়নী পানীত পৰি কামপুৰত পুনৰ দুটি শিশুৰ মৃত্যু৷ কচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা৷ একে গাঁৱৰে দুটি শিশুৰ মৃত্যু৷ সমনীয়াৰ লগতে খেলি থকাৰ মাজতে বাঢ়নী পানীত পৰি যায় শিশু দুটি৷ শিশু দুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত্যু হোৱা শিশু দুটি জোনাইত আলম(৩) আৰু চাইমা খাতুন(৮)। কামপুৰত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি৷
অসম জাতীয় পৰিষদ দল ত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে। যোৱা মাজুলীৰ উপ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আছিল চিত্তৰঞ্জন বসুমতাৰী। সেইদৰে ২০২১ৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ টিকটক ধেমাজি সমষ্টিত শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াইছিল জাতীয়তাবাদী শিৱিৰৰ নেতাগৰাকীয়ে। শুকুৰবাৰে চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ পৰা পদত্যা কৰাৰ কথা ছচিয়েল মিডিয়া যোগে জনায়। তেওঁ লিখে যে- 'মই এতিয়া ৰাজনৈকিৰ ভাবে মুক্ত।' শক্তিশালী নেতাগৰাকীৰ পদত্যাগে অসম জাতীয় পৰিষদ দলক ক্ষতি কৰিব বুলি এতিয়া আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।
মহানগৰীত বৃদ্ধি পাব ধৰা অপৰাধজনিত ঘটনাৰ মাজতে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা ৷ এখন অটোৰিক্সাৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰিবলৈ বুলি আহোঁতে যোৰাবাট আৰক্ষীৰ নাকা তালাচীত জালত পৰে ৫দুৰ্ধৰ্ষ ডকাইত ক্ৰমে মণি কলিতা, লিবন বড়ো, হৰি চন্দ্ৰ দেৱবৰ্মন ,নাচিৰ আলি, বিকী ছেএী৷ ডকাইতকেইটাৰ পৰা জব্দ কৰে অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত টেবলেটসহ বহুকেইপদ আপত্তিজনক সামগ্ৰী। গ্ৰেপ্তাৰ হোৱা এই ৫টা ডকাইতৰ ভিতৰত মণি কলিতা আৰু বিকী ছেএীৰ বিৰুদ্ধে বহুকেইখন থানাত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বহুকেইটা ডকাইতিৰ গোচৰ ৰুজু হৈ আছে৷ সম্প্ৰতি গ্ৰেপ্তাৰ হ…
শিৱসাগৰ জিলাৰ নাজিৰাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত আজি উপস্থিত হয় বিদ্যালয়ৰখনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু। নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈকে অধ্যয়ন কৰিছিল ৰাজ্যৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ষষ্ঠ , সপ্তম আৰু অষ্টম শ্ৰেণীত অধ্যয়ন কৰিছিল বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আনকি পেগুৰ জ্যেষ্ঠ ভাতৃ মনোজ কুমাৰ পেগুৱেও অধ্যয়ন কৰিছিল এইখন বিদ্যালয়ত। আজি প্ৰাক্তন ছাত্ৰগৰাকীয়ে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ বি…
গাড়ীকে ধৰি আন বাহনৰ চালকসকলৰ বাবে ডাঙৰ খবৰ। ১ জুন, ২০২২ৰ পৰা, আপোনাৰ গাড়ীৰ বীমা ব্যয় বৃদ্ধি হ'ব। কেন্দ্ৰীয় চৰকাৰে বুধবাৰে থাৰ্ড পাৰ্টীৰ মটৰ বাহন বীমাৰ প্ৰিমিয়াৰম হাৰ বৃদ্ধি কৰে। এতিয়া আপুনি বীমাৰ বাবে গাড়ীৰ ইঞ্জিন অনুসৰি অধিক পৰিশোধ কৰিব লাগিব। পথ আৰু পৰিবহণ মন্ত্ৰণালয়ে এক জাননী জাৰি কৰি কয় যে, মটৰ বীমাৰ বাবে প্ৰিমিয়াম শেষবাৰৰ বাবে 2019-20 বৰ্ষৰ বাবে সলনি কৰা হৈছিল। কোভিড-19 মহামাৰীৰ সময়ত ইয়াত কোনো পৰিৱৰ্তন হোৱা নাছিল। এতিয়া বিভিন্ন ইঞ্জিন ক্ষমতাৰ বাবে তৃতীয় পক্ষৰ বীমাৰ হাৰ বৃদ্ধি কৰা হৈছে। প্ৰিমিয়ামৰ নতুন হাৰ ১ জুন…
মানুহৰ মনোভাব সলনি কৰিবলৈ আঠ বছৰ ক্ষমতাত থকাটো এটা দীঘলীয়া সময়। মনমোহন সিঙে এইটো উপলব্ধি কৰিছিল যেতিয়া ২০১২ চনৰ আশে পাশে নিৰন্তৰ দুৰ্নীতিয়ে তেওঁৰ চৰকাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু যোৱা আঠ বছৰত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ (ইউপিএ) দ্বৈত বিজয় এক সুদূৰপৰাহত স্মৃতিৰ ৰূপ পাইছিল। অৱশ্যে, ৰাজনীতিবিদ নৰেন্দ্ৰ মোদীয়ে এনেধৰণৰ বাধা পৰিহাৰ কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰী হিচাপে আঠ বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দৃঢ় স্থিতিত আছে, কিয়নো উত্তৰ প্ৰদেশ বা বিহাৰৰ দৰে ৰাজ্যসমূহৰ বিজয়ে সাব্যস্ত কৰিছে যে জনসাধাৰণৰ …
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী IAS বিষয়া। দুৰ্যোগৰ সময়ত ব্যতিক্ৰমী ৰূপত দেখা গ’ল কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিক। বোকা–পানী গছকি নাৱত বানপীড়িত এলেকাৰ বুজ লোৱা উপায়ুক্তগৰাকীৰ ফটো বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছচিয়েল মিডিয়াত জনপ্ৰিয় হোৱাৰ অসুস্থ প্ৰতিযোগিতা আৰু কৃতিত্ব দাবীৰ অশুভ পৰম্পৰাৰ মাজতে একাংশ লোকে নীৰৱে নিজৰ কাম কৰি যায়। বহু চৰকাৰী বিষয়া আছে যিসকলে পদ মৰ্যাদাৰ অহংকাৰৰত গদগদ হৈ নাথাকি নিজৰ কাৰ্য সম্পাদন কৰে মনে মনে। দুৰ্যোগৰ সময়ত দুৰ্গতৰ কাষত থিয় হৈ কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিয়ে দেখুৱালে কৰ্ম–সংস্কৃতিৰ নিদৰ্শন। কাছাৰৰ…
মন্ত্ৰী কেশৱ মহন্তই বৰপথাৰত উদ্ধোধন কৰে চাহ বাগান আদৰ্শ বিদ্যালয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে । আজি ধনশিৰি মহকুমাৰ বৰপথাৰ পাভজানত উপস্থিত হয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা সৰুপথাৰ সমষ্টিৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ আজি বৰপথাৰ পাভজান চাব বাগিচাৰ নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ অসমৰ ৯৬ খন চাহ বাগিচাত প্ৰথমবাৰলৈ আদৰ্শ বিদ্যালয় নিৰ্মাণেৰে চাহ বাগিচাত শিক্ষাৰ সোণালী যুগৰ সূচনা কৰি বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক সকলো দি…
শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত মেকিপুৰ চাহ বাগিচাত নৱ নিৰ্মিত অসম চৰকাৰৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ আজি শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয়খনৰ প্ৰাঙ্গণত আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয় খনৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে৷ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ৯৬ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন প্ৰক্ৰিয়াৰ আজি দ্বিতীয় দিনা শিৱসাগৰ জিলাৰ মেকিপুৰ চাহ বাগিচাত নিৰ্মাণ হোৱা বিদ্যালয়খন শুভউদ্বোধন কৰাৰ লগতে শিক্ষা মন্ত্ৰী গৰাকীয়ে নাজিৰা সমষ্টিৰ অন্তৰ্গত বামুন পুখুৰী চাহ বাগি…
বুধবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰাই গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ম'হটোৱে। ম'হটো ট্ৰেংকুলাইজ কৰিবলৈ বহু চেষ্টা চলাইছিল বন বিভাগে। খাৰঘূলিৰ ডনবস্ক' বিদ্যালয়ৰ সন্মুখত দীৰ্ঘ সময় ধৰি বনৰীয়া ম'হটোৱে বিচৰণ কৰি আছিল। খাৰঘূলিৰ এগৰাকী স্থানীয় বাসিন্দাই আৰক্ষী আৰু বন বিভাগক খবৰ দিয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় লতাশিল আৰক্ষী, বন কৰ্মী আৰু বন বিষয়া। খাৰঘূলি - জয়পুৰ পথত বহুসময় ইফালৰ পৰা সিফালে দৌৰি ফুৰে ম'হটো। পথটোত যান - বাহন চলাচলত আৰক্ষীয়ে বাধা দিয়াত যান- জটৰো সৃষ্টি হয়। বন কৰ্মীয়ে ম'হটো খেদি…
নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীন (ULFA-I)ৰ বাৰ্ষিক বাজেট কিমান? ম্যানমাৰৰ গভীৰ অৰণ্যত সিচৰিত হৈ থকা সংগঠনটোৰ কেম্পসমূহ চলাবলৈ ক'ৰ ক'ৰ পৰা টকা সংগ্ৰহ কৰা হয়? কেম্পবোৰ কেনেকৈ চলোৱা হয়? খাদ্য সামগ্ৰী, সাজ-পোছাক আদি কেনেকৈ সংগ্ৰহ কৰা হয়? সাধাৰণ মানুহৰ মনত উদয় হোৱা এই প্ৰশ্নবোৰৰ উত্তৰ দিলে ১৯৮৪ চনৰে পৰা নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোত থাকি বিত্ত সচিব হিচাপে দায়িত্ব পালন কৰা মেজৰ জেনেৰেল জীৱন মৰাণে ৷ News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জীৱন মৰাণে ক'লে- “বছৰি আমাক এক কোটিতকৈ বেছি টকাৰ প্ৰয়োজন হয় ৷ কেতিয়াবা কোটিৰ তলত আৰু ক…
নতুন দিল্লীস্থিত ত্যাগৰাজ ষ্টেডিয়ামত খেলুৱৈ আৰু প্ৰশিক্ষকে দিল্লীৰ মুখ্য সচিব(ৰাজহ) সঞ্জীৱ খিৰৱাৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ। অভিযোগ অনুসৰি, সঞ্জীৱ খিৰৱাৰে প্ৰায় আধা ঘণ্টা নিজৰ কুকুৰটোক খোজকঢ়াবলৈ ষ্টেডিয়ামলৈ আনে। আৰু সন্ধিয়া ৭ বজাৰ ভিতৰত খেলুৱৈসকলক ষ্টেডিয়েম ত্যাগ কৰিবলৈ বাধ্য কৰায়। "আমি আগতে লাইটৰ তলত নিশা ৮-৮.৩০ বজালৈকে প্ৰশিক্ষণ লৈছিলো। কিন্তু এতিয়া, আমাক সন্ধিয়া ৭ বজাৰ ভিতৰত ষ্টেডিয়াম এৰি যাবলৈ কোৱা হৈছে যাতে বিষয়াজনে তেওঁৰ কুকুৰটোক খোজ কঢ়াব পাৰে। ফলত আমাৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ ৰুটিন ব্যাহত হৈছে।" এজন প্ৰশিক্ষকে ক…
হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্ব ইনিংছ আৰু ডেভিড মিলাৰৰ আক্ৰমণাত্মক বেটিঙেৰে গুজৰাট টাইটানছে আই পি এল ২০২০ কোৱালিফায়াৰ ১ (Gujarat Titans vs Rajasthan Royals, Qualifier 1)ত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়। ৰাজস্থান ৰয়েলছৰ দ্বাৰা দিয়া নিৰ্ধাৰিত ১৮৯ ৰাণৰ লক্ষ্যৰ পিছ লৈ গুজৰাটে ১৯.৩ অভাৰত ৩ টা উইকেট হেৰুৱাই ১৯১ ৰাণ সংগ্ৰহ কৰে। পৰাজয় স্বত্বেও, ৰাজস্থানৰ ফাইনেলত উপনীত হোৱাৰ আৰু এটা সুযোগ আছে। তেওঁলোকে এতিয়া কোৱালিফায়াৰ ২ ত এলিমিনেটৰৰ বিজয়ী দলৰ মুখামুখি হ'ব। গুজৰাটৰ হৈ ডেভিদ মিলাৰে ৩৮ টা বলত অপৰাজিত ৬৮ ৰাণ কৰে…
কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অভিনেত্ৰী–পৰিচালক আইমী বৰুৱা। মুগাৰ সাজ পিন্ধি ৰেড কাৰ্পেটত দেখা গ’ল আইমী বৰুৱাক। অসমৰ চলচ্চিত্ৰক আন্তঃৰাষ্ট্রীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস আইমীৰ। ৰেড কাৰ্পেটত খোজ দিয়াৰ পূৰ্বে ছচিয়েল মি়ডিয়াযোগে অভিনেত্ৰী আইমী বৰুৱাই এই বিষয়ে সদৰি কৰে। আইমীয়ে কয়, "কাঁ ফেষ্টিভেলৰ ফালৰ পৰা আগতীয়াকৈ নিৰ্ধাৰিত কৰি থোৱা হয়, ৰেড কাৰ্পেটত কোন যাব। আজি মোক তেওঁলোকে সুযোগ দিছে, ভাৰতৰ ফালৰ পৰা। মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিন হ’ব আজিৰ দিনটো।’’ ছচিয়েল মিডিয়াযোগে আইমীয়ে কয়, ‘চেমখৰ’ৰ বাবেই আজি মই এইখন মঞ্চ পাইছো। ডিমাচাসকলক ধন্যব…
'ৰাজ্যৰ বিশিষ্ট উদ্যোগপতি জৰ্জ বৰদলৈ মৃত্যুৰ আঁৰত ডনবস্ক' জগৰীয়া ৷ বনাঞ্চলৰ ভূমি বেদখল কৰি আমচাঙত নিৰ্মাণ কৰিছে শিক্ষা প্ৰতিষ্ঠান ৷'' - এই দাবী কৰি বেদখলকৃত প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্তৰ দাবী তোলে দিছপুৰৰ বিধায়ক অতুল বৰাই (MLA Atul Bora) ৷ ডনবস্ক' বিশ্ববিদ্যালয়ে অবৈধ-অনীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বুলি অভিযোগ কৰি তেওঁ কয় যে আমচাং বনাঞ্চলত শ শ বিঘা ভূমি বেদখল কৰিছে বিশ্ববিদ্যালয়খনে ৷ পিছে এয়া কিদৰে সম্ভৱ হৈছে, সেয়া এক নুবুজা সাঁথৰ (George Bordoloi Suicide Case)৷ দিছপুৰৰ বিধায়ক অতুল বৰাই অসমৰ উদ্যোগী, ব্যৱসায়ী জৰ্জ বৰদলৈৰ…
বুধবাৰে গুণোৎসৱত শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত থাকি নষ্টালজিক হৈ পৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। ভাস্কৰ জ্যোতি মহন্তক সংগ দিয়ে তেওঁৰ ভাতৃ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তই । শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হৈছে ভাস্কৰজ্যোতি মহন্ত। বিদ্যালয়খনত উপস্থিত হৈ আৱেগিক হৈ পৰা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰতিটো কোঠা নীৰিক্ষণ কৰে। বিদ্যালয়খনত একালত ছাত্ৰ অৱস্থাত…
যোৱা দুই-তিনি দিন বাদ দিলে দেশখনত তীব্ৰ গৰমৰ প্ৰাদুৰ্ভাৱ হৈছে। প্ৰচণ্ড গৰমৰ বাবে বহুতো বস্তু প্ৰভাৱিত হৈছে। হিটৱেভৰ ফলত, মানুহৰ বাবে বাহিৰ লৈ যোৱা কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত, সকলোৱে কেৱল এটা বস্তুৰ বাবে অপেক্ষা কৰি আছে, অৰ্থাৎ বাৰিষা। অৱশ্যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে কৈছে যে এইবাৰ সময়ৰ আগতে দেশখনত বাৰিষা আহিব। আইএমডি মুম্বাই বিভাগৰ মুৰব্বী জয়ন্ত সৰকাৰে কৈছিল যে এইবাৰ বাৰিষা কেৰালাত কেৱল ২৭ মে'তহে আহিব। সাধাৰণতে ১ জুনত বাৰিষা কেৰালা উপকূলত উপস্থিত হয়। যোৱা বছৰ ৩ জুনৰ আশে পাশে বাৰিষাই কেৰালাত আঘাত কৰিছিল, কিন্তু এই …
সাম্প্ৰতিক সময়ত বিশ্বৰ বহু ঠাইত মাংকীপক্সৰ সংক্ৰমণৰ খবৰ আহিছে। কমেও ১২ খন দেশত ৮০ জনতকৈ অধিক লোক মাংকীপক্স (Monkeypox)ত আক্ৰান্ত হৈছে। আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়াকে ধৰি ইউৰোপৰ কেইবাখনো দেশত এই ৰোগ ধৰা পৰিছে। মধ্য আৰু পশ্চিম এছিয়াৰ দুৰ্গম অঞ্চললৈও এই বিৰল ৰোগ বিয়পি পৰিছে বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ১৯৫৬ চনত এই ৰোগৰ খবৰ দিছিল। একে বছৰতে পৰীক্ষাগাৰত বান্দৰৰ ক্ষেত্ৰত এই সংক্ৰমণৰ প্ৰথম ৮ টা ঘটনা পোৱা গৈছিল। ১৯৭০ চনত কংগোত এই ৰোগত আক্ৰান্ত এজন ব্যক্তিক উদ্ধাৰ কৰা হৈছিল। সেই সময়ত সেই দেশত স্মলপক্সৰ নিয়ন্ত্ৰণত কাম চলি আছিল লাহে লাহে মধ্য…
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা নাহৰ হাবি চাহ বাগিচাত নৱ নিৰ্মিত অসম চৰকাৰৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয় খনৰ প্ৰাংগনত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, যুৱ কল্যাণ, সংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা, মহমৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজহ খনি আৰু খনিজাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ ৰাজ্যত মুঠ ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ…
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা নাহৰ হাবি চাহ বাগিচাত নৱ নিৰ্মিত অসম চৰকাৰৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয় খনৰ প্ৰাংগনত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, যুৱ কল্যাণ, সংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা, মহমৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজহ খনি আৰু খনিজাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ ৰাজ্যত মুঠ ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ…
Social Plugin