নিজে পঢ়ি যোৱা বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল শিক্ষামন্ত্ৰী, কি ক'লে ৰণোজ পেগুৱে?

 


শিৱসাগৰ জিলাৰ নাজিৰাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত আজি উপস্থিত হয় বিদ্যালয়ৰখনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু। নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈকে অধ্যয়ন কৰিছিল ৰাজ্যৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ষষ্ঠ , সপ্তম আৰু অষ্টম শ্ৰেণীত অধ্যয়ন কৰিছিল বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আনকি পেগুৰ জ্যেষ্ঠ ভাতৃ মনোজ কুমাৰ পেগুৱেও অধ্যয়ন কৰিছিল এইখন বিদ্যালয়ত।

আজি প্ৰাক্তন ছাত্ৰগৰাকীয়ে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ পৰিৱেশ প্ৰত্যক্ষ কৰে। ইয়াৰ উপৰিও ৰেজিষ্টাৰ বহীত নিজ নাম আৰু জ্যেষ্ঠ ভাতৃৰ নাম প্ৰত্যক্ষ কৰে মন্ত্ৰী জনে। শিক্ষামন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰ নিজে পঢ়ি যোৱা বিদ্যালয় খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰে মন্ত্ৰী জন৷

উল্লেখ্য যে,  শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ  পিতৃ শিশুৰাম পেগু কৰ্মসূত্ৰে নাজিৰা থকা হেতু শিক্ষামন্ত্ৰীগৰাকীৰ লগতে জ্যেষ্ঠ ভাতৃগৰাকীয়েও অধ্যয়ন কৰিছিল নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত। ইফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুক কাষত পাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী সকলো আনন্দিত হৈ পৰে ।

Post a Comment

0 Comments