ৰাজ্যবাসীৰ বাবে গৌৰৱৰ মুহূৰ্ত! IBA Athletes Committeeৰ চেয়াৰমেন পদত লাভলীনা বৰগোঁহাই, শিৱ থাপালৈ সদস্য পদ ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছিল আৰু এনেদৰে ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল।

 


অসমক আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তুলিলে তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁইক আইবিএৰ এথলীট কমিটীৰ পৰিচালক মণ্ডলীত অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। এই কথা ঘোষণা কৰিছে আন্তৰ্জাতিক বক্সিং এছ'চিয়েশ্যনে (আইবিএ)।

কেৱল লাভলীনাই নহয় অসম সন্তান বক্সাৰ শিৱ থাপাকো আইবিএ এথলীট কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে।  ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছিল আৰু এনেদৰে ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। বুধবাৰে আইবিএ-য়ে এই কথা ঘোষণা কৰে।


Post a Comment

0 Comments