ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই জখলাবন্ধাত ব্ৰাউন ছুগাৰসহ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ পেডলাৰ ...

 


ড্ৰাগছৰ বিৰুদ্ধে সষ্টম নগাওঁ আৰক্ষী। জখলাবন্ধা আৰক্ষীৰ জালত পুনৰ এক ড্ৰাগছ পেডলাৰ। জখলাবন্ধাৰ বাঘজানৰ পৰা ড্ৰাগছ পেডলাৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পেডলাটোৰ নাম ৰিকু আনছাৰী।  ধৃত ৰিকু আনছাৰীৰ ঘৰ জখলাবন্ধাত।

জখলাবন্ধাৰ বাঘজানৰ এন আৰ এল পেট্ৰ'ল পাম্পৰ সমীপতে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই স্থানীয় ৰাইজৰ সহযোগত ৰিকু আনছাৰীক গ্ৰেপ্তাৰ কৰে জখলাবন্ধা আৰক্ষীয়ে। ধৃত ৰিকু আনছাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিটা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ। পূৰ্বেও ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

Post a Comment

0 Comments