জৰ্জ বৰদলৈৰ ছুইচাইড নোটৰ তথ্য ১০০% সত্য! আমচাং বনাঞ্চলত শ শ বিঘা ভূমি দখলক লৈ আৰু কি ক'লে বিধায়ক অতুল বৰাই?


 'ৰাজ্যৰ বিশিষ্ট উদ্যোগপতি জৰ্জ বৰদলৈ মৃত্যুৰ আঁৰত ডনবস্ক' জগৰীয়া ৷ বনাঞ্চলৰ ভূমি বেদখল কৰি আমচাঙত নিৰ্মাণ কৰিছে শিক্ষা প্ৰতিষ্ঠান ৷'' - এই দাবী কৰি বেদখলকৃত প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্তৰ দাবী তোলে দিছপুৰৰ বিধায়ক অতুল বৰাই (MLA Atul Bora) ৷

ডনবস্ক' বিশ্ববিদ্যালয়ে অবৈধ-অনীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বুলি অভিযোগ কৰি তেওঁ কয় যে আমচাং বনাঞ্চলত শ শ বিঘা ভূমি বেদখল কৰিছে বিশ্ববিদ্যালয়খনে ৷ পিছে এয়া কিদৰে সম্ভৱ হৈছে, সেয়া এক নুবুজা সাঁথৰ (George Bordoloi Suicide Case)৷

দিছপুৰৰ বিধায়ক অতুল বৰাই অসমৰ উদ্যোগী, ব্যৱসায়ী জৰ্জ বৰদলৈৰ (George Bordoloi) আত্মহত্যাই বহুখিনি নতুন তথ্য পোহৰলৈ অনা বুলি দাবী কৰে ৷ বৰদলৈৰ আত্মহত্যাৰ সময়ত লিখি থৈ যোৱা ছুইচাইডৰ সকলোখিনি সত্য বুলি দাবী কৰে বিধায়কগৰাকীয়ে৷

আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ অবৈধ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰক সুকীয়া তদন্ত কৰিবলৈ আহ্বান জনায় তেওঁ ৷ আমচাঙত বসবাস কৰা সাধাৰণ জনতা যদি বেদখলকাৰী তেন্তে ডনবস্ক' বিশ্ববিদ্যালয় কিয় নহ'ব বেদখলকাৰী বুলি প্ৰশ্ন তোলে অতুল বৰাই ৷ উল্লেখ্য যে ইতিমধ্যে ডনবস্ক'ৰ উপাচাৰ্যক গ্ৰেপ্তাৰ কৰি এদিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছিল আৰক্ষীয়ে ৷

Post a Comment

0 Comments