UPSC পৰীক্ষাত জিলিকিল অসমৰ দুই সন্তান, স্থান লাভ কৰিলে শিল্পা খনিকৰ আৰু দেৱজ্যোতি বৰ্মনে


 আজি ঘোষণা কৰা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল।  এইবাৰ ফলাফলত অসমৰ দুগৰাকী সন্তানে সফলতা লাভ কৰিছে। UPSC পৰীক্ষাত ৫০৬ নম্বৰ স্থানত জিলিকিল অসমৰ শিল্পা খনিকৰ। আনহাতে ৬৩৯ নম্বৰ স্থান লাভ কৰিছে অসমৰ দেৱজ্যোতি বৰ্মনে।

এই বছৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু জামিনী সিংগলাই। সম্পূৰ্ণ তালিকা upsc.gov.inৰ জৰিয়তে চাব পাৰিব। এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। পঞ্চম স্থান দখল কৰিছে উত্‍কৰ্ষ দ্বিৱেদীয়ে।

ভাৰত চৰকাৰৰ অধীনত IAS, IPS, IFS আৰু অসামৰিক সেৱাৰ আন বহুতো শাখাৰ বাবে মুঠ ৬৮৫ জন প্ৰাৰ্থীক তালিকাভুক্ত কৰা হৈছে। শীৰ্ষস্থানপ্ৰাপ্ত সকলক তিনিওটা ৰাউণ্ডত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি বাছনি কৰা হৈছে – প্ৰাৰম্ভিক পৰীক্ষা, মুখ্য পৰীক্ষা আৰু ইউপিএছচিৰ দ্বাৰা পৰিচালিত সাক্ষাৎকাৰ পৰ্যায়।

Post a Comment

0 Comments