ঘাইপথত ডকাইতিৰ উদ্দেশ্যে আহি থকা অৱস্থাত আৰক্ষীৰ তালাচীত জালত পৰিল ৫ দুৰ্ধৰ্ষ ডকাইত


 মহানগৰীত বৃদ্ধি পাব ধৰা অপৰাধজনিত ঘটনাৰ মাজতে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা ৷ এখন অটোৰিক্সাৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰিবলৈ বুলি আহোঁতে যোৰাবাট আৰক্ষীৰ নাকা তালাচীত জালত পৰে  ৫দুৰ্ধৰ্ষ ডকাইত ক্ৰমে মণি কলিতা, লিবন বড়ো, হৰি চন্দ্ৰ দেৱবৰ্মন ,নাচিৰ আলি, বিকী ছেএী৷

ডকাইতকেইটাৰ পৰা জব্দ কৰে অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত টেবলেটসহ বহুকেইপদ আপত্তিজনক সামগ্ৰী। গ্ৰেপ্তাৰ হোৱা এই ৫টা ডকাইতৰ ভিতৰত মণি কলিতা আৰু বিকী ছেএীৰ বিৰুদ্ধে বহুকেইখন থানাত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বহুকেইটা ডকাইতিৰ গোচৰ ৰুজু হৈ আছে৷

Post a Comment

0 Comments