নতুন ৰূপত আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত‌‌‌, আজি হঠাৎ হৈ পৰিল নষ্টালজিক

 


বুধবাৰে  গুণোৎসৱত  শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত থাকি  নষ্টালজিক হৈ পৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। ভাস্কৰ জ্যোতি মহন্তক সংগ দিয়ে তেওঁৰ  ভাতৃ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তই । শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হৈছে ভাস্কৰজ্যোতি মহন্ত।

বিদ্যালয়খনত উপস্থিত হৈ আৱেগিক হৈ পৰা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰতিটো কোঠা নীৰিক্ষণ কৰে। বিদ্যালয়খনত  একালত ছাত্ৰ অৱস্থাত কিদৰে সময় পাৰ কৰিছিল সেই বিষয়েও ৰোমন্থন কৰে ভাস্কৰ জ্যোতি মহন্তই। পঢ়া-শুনাৰ লগতে তৰ্ক প্ৰতিযোগিতাত অংশ লোৱা, দুষ্টালি কৰা সকলো সুঁৱৰিলে তেওঁ । বৰ্তমান ছাত্ৰ ছাত্ৰীক যৌন শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

বিদ্যালয়ৰ এখন প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক ভাল নাগৰিক হোৱাৰ পৰামৰ্শ দিয়ে। লক্ষণীয় যে আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁক গাৰ্ড অৱ অনাৰ দি  আদৰি নিয়ে ।

আনহাতে পৰেশ বৰুৱাৰ টেলিভিছনত ইণ্টাৰভিউৰ সন্দৰ্ভত মন্তব্য কৰে  ডিজিপি মহন্তই। তেওঁ কয় "প্ৰেছৰ স্বাধীনতাৰ ক্ষেত্ৰত কিছুমান সিদ্ধান্ত আমি হঠাৎ লৈ নলওঁ । যিখিনি বৈধ ব্যৱস্থাপনা আছে, তাত অভিযোগৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে।"

Post a Comment

0 Comments