এই অসুখৰ নাম কিয় হ'ল ‘মাংকীপক্স’? এই সংক্ৰামক ৰোগ কেনেকৈ বিয়পে?

 


সাম্প্ৰতিক সময়ত বিশ্বৰ বহু ঠাইত মাংকীপক্সৰ সংক্ৰমণৰ খবৰ আহিছে। কমেও ১২ খন দেশত ৮০ জনতকৈ অধিক লোক মাংকীপক্স (Monkeypox)ত আক্ৰান্ত হৈছে।

আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়াকে ধৰি ইউৰোপৰ কেইবাখনো দেশত এই ৰোগ ধৰা পৰিছে। মধ্য আৰু পশ্চিম এছিয়াৰ দুৰ্গম অঞ্চললৈও এই বিৰল ৰোগ বিয়পি পৰিছে

বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ১৯৫৬ চনত এই ৰোগৰ খবৰ দিছিল। একে বছৰতে পৰীক্ষাগাৰত বান্দৰৰ ক্ষেত্ৰত এই সংক্ৰমণৰ প্ৰথম ৮ টা ঘটনা পোৱা গৈছিল। ১৯৭০ চনত কংগোত এই ৰোগত আক্ৰান্ত এজন ব্যক্তিক উদ্ধাৰ কৰা হৈছিল। সেই সময়ত সেই দেশত স্মলপক্সৰ নিয়ন্ত্ৰণত কাম চলি আছিল

লাহে লাহে মধ্য আৰু পশ্চিম আফ্ৰিকাৰ অন্যান্য দেশতো এই ৰোগ বিয়পি পৰিল। বান্দৰৰ দেহত এই ৰোগৰ প্ৰথম লক্ষণ ধৰা পৰাত ইয়াক ‘মাংকীপক্স’ বুলি কোৱা হয়।

স্মলপক্স আৰু মাংকীপক্সৰ লক্ষণবোৰ প্ৰায় একেই। এই ৰোগত স্মলপক্স ভেকচিন অতি ফলপ্ৰসূ। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে ৰযে মাংকীপক্স নিয়ন্ত্ৰণৰ বাবে নতুন ভেকচিনৰ ভিতৰত এটাক অনুমোদন দিয়া হৈছে।

সাধাৰণতে বন্যপ্ৰাণীৰ দ্বাৰা মানুহলৈ এই ৰোগ সংক্ৰমিত হয় কিন্তু আক্ৰান্ত ব্যক্তিৰ পৰা আনলৈও সংক্ৰমণ বিয়পিব পাৰে। আক্ৰান্তৰ দ্বাৰা ব্যৱহৃত কেঁচা কাপোৰ, টাৱেল, বিচনা চাদৰ আদিয়ে এই ৰোগ বিয়পাই দিব পাৰে।

Post a Comment

0 Comments