মোডী চৰকাৰৰ আন এক বৰ্ষপূৰ্তিৰ প্ৰস্তুতি ! অসমৰ ৩ ঠাইত জাকজমকতাৰে তৃতীয় বৰ্ষপূৰ্তি পালনৰ পৰিকল্পনা ...


 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ কাইলৈ চলিত কাৰ্যকালৰ তিনিটা বছৰ সম্পূৰ্ণ হ’ব ৷ সেই অনুসৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাকজমকতাৰে বৰ্ষপূৰ্তি পালনৰ পৰিকল্পনা কৰিছে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে হিমাচল প্ৰদেশৰ পৰা দেশবাসীক সম্বৰ্ধন কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ তিনিটা স্থানত সভা অনুষ্ঠিত কৰা হ’ব ৷ চৰাইদেউত আয়োজিত সভাত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা উপস্থিত থকাৰ উপৰি বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰিব ৷ তিনিও স্থানতে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰ্চুৱেলী সম্বন্ধন কৰিব ৷ বঙাইগাঁৱত আয়োজিত উক্ত কাৰ্যসূচীৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা ব্যাপক প্ৰস্তুতি চলাইছে ৷ বঙাইগাঁও কলেজ খেল পথাৰত এই উপলক্ষে সমাৱেশৰ আয়োজন কৰা হৈছে ৷ উক্ত সমাৱেশত বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলেৰেও মত বিনিময় কৰা হ'ব ৷

Post a Comment

0 Comments