ধঁপাত সেৱনে ভাবুকি নমাই আনিছে পৃথিৱীৰ পৰিৱেশলৈও, পৰিসংখ্যাই আচৰিত কৰিব আপোনাক

 


৩১ মে' ত ৰাজ্যজুৰি পালন কৰা হ'ব বিশ্ব ধঁপাত বিৰোধী দিৱস। এইবাৰ ধঁপাতবিৰোধী দিৱসৰ থীম হৈছে "পৰিৱেশৰ প্ৰতি ভাবুকি"। ধঁপাত বিৰোধী দিৱসৰ (World No Tobacco Day) পূৰ্বে ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষে সংবাদ মেলযোগে জনায় বহু উদ্বেগজনক তথ্য। বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষত ২৮ শতাংশ লোকে ধঁপাত সেৱন কৰে।

অসমত বৰ্তমান ৫০ শতাংশ লোকে ধঁপাত সেৱন কৰে। প্ৰত্যেক বছৰে  ৪ পৰা ৫ ত্ৰিলিয়ন চিগাৰেটৰ টুকুৰাই পৰিৱেশ প্ৰদূষিত কৰি আহিছে।  প্ৰতিবছৰে ধঁপাতে ৮৪ মিলিয়ন কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰি আহিছে।  প্ৰত্যেক বছৰে ২০০ লাখ হেক্টৰ ভূমি ধঁপাত জাতীয় কৃষিৰ পৰা মুকলি কৰা হয়।

এটা চিগাৰেট তৈয়াৰ কৰোঁতে খৰচ হয় ৩.৭ লিটাৰ পানী।  এজন ধঁপাত খোৱা লোকে তেওঁৰ জীৱনত ৫ টন কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। ধঁপাতে দূষিত কৰিছে পৃথিৱীখন (obacco consumption brings down threats to the worlds environment )।

বৰ্তমান অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৪৮:২%। ইয়াৰে পুৰুষৰ সংখ্যা ৬২.৯% আৰু  মহিলাৰ সংখ্যা ৩২.৯%।  দৈনিক ধঁপাত সেৱনকাৰীৰ সংখ্যা হৈছে ৩৫.৮% । ইয়াৰে পুৰুষৰ সংখ্যা হৈছে ৪২.৬% আৰু মহিলাৰ সংখ্যা ২৮.৭%। দেশৰ ভিতৰত আটাইতকৈ বেছি ধঁপাত ব্যৱহাৰকাৰী ৰাজ্য হৈছে মিজোৰাম, দ্বিতীয়তে আছে ত্ৰিপুৰা আৰু তৃতীয়তে আছে অসমৰ নাম।

Post a Comment

0 Comments