প্ৰথমস্থান অধিকাৰ কৰিলে শ্ৰুতি শৰ্মাই, শীৰ্ষ ৫ৰ চাৰিটাতে উজলিল মহিলা

 


Union Public Service Commission চমুকৈ UPSC-এ সোমবাৰে ঘোষণা কৰিলে ফলাফল। ইউপিএছচি টপাৰ 2021 তালিকা অনলাইনত প্ৰকাশ কৰিছে। এই বছৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু গামিনী সিংগলাই। সম্পূৰ্ণ তালিকা upsc.gov.inৰ জৰিয়তে চাব পাৰিব।

এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। পঞ্চম স্থান দখল কৰিছে উত্‍কৰ্ষ দ্বিৱেদীয়ে।

ভাৰত চৰকাৰৰ অধীনত IAS, IPS, IFS আৰু অসামৰিক সেৱাৰ আন বহুতো শাখাৰ বাবে মুঠ ৬৮৫ জন প্ৰাৰ্থীক তালিকাভুক্ত কৰা হৈছে। শীৰ্ষস্থানপ্ৰাপ্ত সকলক তিনিওটা ৰাউণ্ডত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি বাছনি কৰা হৈছে – প্ৰাৰম্ভিক পৰীক্ষা, মুখ্য পৰীক্ষা আৰু ইউপিএছচিৰ দ্বাৰা পৰিচালিত সাক্ষাৎকাৰ পৰ্যায়।

Post a Comment

0 Comments