ৰাষ্ট্ৰীয় ঘাইপথত বিলাতী সুৰাভৰ্তি ট্ৰাক ডকাইতিৰ চেষ্টা, দুই ডকাইত গ্ৰেপ্তাৰ


 চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাঁৱত যোৱানিশা এটা সাতজনীয়া ডকাইতৰ দলে ট্ৰাকৰ পৰা বৈধ বিলাতী সুৰা লুট-পাত কৰাৰ প্ৰচেষ্টা চলায় ৷ ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল উপস্থিত হৈ  দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত ডকাইত দুটা ক্ৰমে বিজনীৰ বাটাবাৰীৰ মামদ ফুলচান আলী(৩২) আৰু মোনাকোচাৰ ৰিয়াজ আহমেদ(২৬)। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখে বিলাতী সুৰা কঢ়িওৱা WB 51C 4956 নম্বৰৰ ট্ৰাকখনক ডকাইতৰ দলটোৱে বৰপেটাৰ পৰা অনুসৰণ কৰে।  ট্ৰাকখনৰ চালকে ভয়তে ডাঙাইগাঁওস্থিত ভাই ভাই ধাবাত ৰখাই দিয়ে ট্ৰাকখন।

ইয়াৰ পিছতো  ডকাইতৰ দলটোৱে ট্ৰাকখনৰ কাগজ-পাতি, সামগ্ৰীৰ চালান কাঢ়ি লৈ পেলাই দিয়ে আৰু বিলাতী সুৰাসমূহ লুট কৰাৰ চেষ্টা চলায়। কোনো লোকে বিজনী থানাৰ আৰক্ষীক এই বিষয়ে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা AS 01EH 9896 নম্বৰৰ এখন এল্টো গাড়ী, নম্বৰ প্লেটবিহীন এখন টিভিএছ আপাছি বাইকসহ দুজন ডকাইতক গ্ৰেপ্তাৰ কৰে ৷

অৱশ্য দলটোৰ আন পাঁচজন পলাই সাৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পলাতক ডকাইতকেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।  

Post a Comment

0 Comments