UPSCৰ পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছিল ৫০৬ সংখ্যক স্থান অধিকাৰ কৰা শিল্পা খনিকৰে? মেধাৱী শিল্পাই দিলে সফলতাৰ মন্ত্ৰ

 


ঘোষণা হ'ল ২০২১ বৰ্ষৰ UPSC ফলাফল। প্ৰথম তিনি স্থানত নাৰীৰ জয়যাত্ৰা। ৫০৬ সংখ্যক স্থানেৰে অসমৰ নাম উজলালে শিল্পা খনিকৰে। সৰুৰে পৰা অত্যন্ত মেধাৱী শিল্পাই স্কুলীয়া শিক্ষা দিছপুৰৰ আনন্দ একাডেমীত সম্পন্ন কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত শিলচৰ এনআইটিৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে শিল্পাই। ২০১৮ চনৰ পৰা ইউ পি এছ চিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল শিল্পা খনিকৰে।
  গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত মেঘমল্লাৰ এপাৰ্টমেণ্টৰ বাসিন্দা শিল্পা খনিকৰৰ পিতৃৰ নাম শৈলজানন্দ  খনিকৰ আৰু মাতৃৰ নাম ৰুবী খনিকৰ। ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰাৰ পিছত এবছৰ চাকৰি কৰি তাৰ পিছত এই সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। তিনি বছৰৰো অধিক সাধনাৰ অন্তত নিজৰ ইপ্সিত লক্ষ্যত উপনীত হয় মেধাৱী শিক্ষাৰ্থীগৰাকী।

Post a Comment

0 Comments