'AIUDF এটা মৌলবাদী দল ! সাম্প্ৰদায়িক দল বিজেপিক সহায় কৰি আহিছে মৌলবাদী দলে': বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিস্ফোৰক অভিযোগ ...


বিৰোধীৰ লক্ষ্য ২০২৪ চনৰ লোকসভা নিৰ্বাচন। সৰভোগ সমষ্টিৰ চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলক মৌলবাদী দল আখ্যা দিছে। সমান্তৰালভাৱে বাওপন্থী দল সমুহৰ লগতে জাতীয় কংগ্ৰেছ, আখিল গগৈৰ ৰাইজৰ দল, অজাপকলৈ লোকসভাত যুজঁ দিয়াৰ পৰিকল্পনা কৰিছে বিৰোধীয়ে।

সৰভোগৰ বিধায়কগৰাকীৰ মতে AIUDF ৰ বাবেই অসমত শক্তিশালী হৈছে শাসকীয় বিজেপি। বিৰোধীৰ লক্ষ্য ২০২৪ চনৰ লোকসভা নিৰ্বাচন। বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ বিৰোধীৰ। আগন্তুক লোকসভা নিৰ্বাচনকলৈ এক্সট্ৰা ষ্ট্ৰেটেজী বনাব সম্মিলিত বিৰোধীয়ে। লোকসভা নিৰ্বাচনকলৈ বিশেষ ৰণকৌশলৰ কথা কোৱাৰ মাজতে AIUDFকলৈ আৰম্ভ হ'ল অথন্তৰ। AIUDF মৌলবাদী দল আখ্যা। মৌলবাদী দল AIUDFয়ে সদায় সহায় কৰি আহিছে সাম্প্ৰদায়িক দল বিজেপিক। এই গুৰুতৰ অভিযোগ উত্থাপন কৰে সৰভোগ সমষ্টিৰ চিপিআই( এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। বাওপন্থী বিধায়ক গৰাকীয়ে কয় যে প্ৰগতি আৰু উন্নয়ন হবলৈ হলে বিজেপিক পৰাস্ত কৰিবই লাগিব। ইমানতেই ক্ষান্ত নাথাকি বিজেপিক পৰাস্ত কৰাৰো সুত্ৰ দিলে প্ৰবীন বাওপন্থী নেতাগৰাকীয়ে। বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থতে বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব বুলি কৈ মনোৰঞ্জন তালুকদাৰে কৌশলগত ভাৱে নাম নল'লে AIUDFৰ। AIUDFক মৌলবাদী দল বুলি কৈ মনোৰঞ্জন তালুকদাৰে বাওপন্থী দলসমুহৰ লগতে জাতীয় কংগ্ৰেছ, অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ঐক্যবদ্ধ ভাৱে নিৰ্বাচন খেলিব লাগিব বুলি কয়।

Post a Comment

0 Comments