তিনি দশকৰ পিছত পূৰ্ণ হ'ব আমগুৰিবাসীৰ সপোন, আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব আমগুৰি সৌৰশক্তি প্ৰকল্প


 সুদীৰ্ঘ তিনি দশকৰ পিছত অৱশেষত আজি আমগুৰিবাসীৰ এটা সপোনে পূৰ্ণতা লাভ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিব বহু প্ৰত্যাশিত আমগুৰি সৌৰশক্তি প্ৰকল্প। এই সৌৰ শক্তি প্ৰকল্পটো উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ সৌৰশক্তি প্ৰকল্প। উল্লেখযোগ্য যে, ১৯৯০ চনৰ পৰাই চৰ্চাত থকা আমগুৰিৰ এই সপোনৰ  প্ৰকল্পটো অৱশেষত সম্পূৰ্ণ কৰি তোলা হৈছে।

উল্লেখযোগ্য যে, ১৯৯০ চনৰ ২১ নৱেম্বৰত তেতিয়াৰ অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আমগুৰিৰ লালিমচাপৰিত তাপ বিদ্যুত প্ৰকল্পৰ বাবে আধাৰ শিলা স্থাপন কৰিছিল যদিও ৰাজনৈতিক অৰিয়া অৰিত প্ৰকল্পটো হৈ নুঠিল৷ ২০১৬ চনত অসমত বিজেপিৰ মিত্ৰজোঁট চৰকাৰ অহা পাছত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অগপৰ জ্যেষ্ঠ বিধায়কগৰাকীৰ দাবী গুৰুত্ব সহকাৰে গ্ৰহণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে (উৎপাদন) তাপ বিদ্যুৎ প্ৰকল্পটো সৌৰ শক্তি প্ৰকল্পলৈ পৰিৱৰ্তন কৰাৰ সিধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ আধাৰশিলা স্থাপন কৰে আৰু ৭০ মেগাৱট ক্ষমতা সম্পন্ন  এই প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব দিল্লীস্থ জেকচন কোম্পানীক দিয়া হয়৷

Post a Comment

0 Comments