বিগত ২৪ ঘণ্টাত ২৩৩৮জন লোক কোৰোণাত আক্ৰান্ত, ১৯জন লোকৰ মৃত্যু

 



যোৱা ২৪ ঘণ্টাৰ ভিতৰত দেশত নতুনকৈ ২৩৩৮ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে। একে সময়তে ১৯ কোৰোণা আক্ৰান্তৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও ২, ১৩৪ গৰাকী কোৰোণা আক্ৰান্ত লোক সুস্থ হৈ উঠিছে। বৰ্তমান দেশত সক্ৰিয় কোৰোণা ৰোগীৰ সংখ্যা হৈছে ১৭ হাজাৰ ৮৮৩ জন। দেশত আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৪ শতাংশ।

যোৱা ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ৮১৫ জন কোৰোণাত আক্ৰান্ত হৈছে। একে সময়তে ১৩জন আক্ৰান্ত লোকৰ মৃত্যু হয়। কেৰেলাত পজিটিভিটিৰ হাৰ ৭.৫৪ শতাংশ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত দৈনিক পজিটিভিটিৰ হাৰ ০.৬৪ শতাংশ। সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.৫৬ শতাংশ। দেশত কোৰোণাৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা এতিয়া বৃদ্ধি পাই ৪ কোটি ২৬ লাখ ১৫ হাজাৰ ৫৭৪ জনলৈ বৃদ্ধি পাইছে।

একে সময়তে এতিয়া দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৫ লাখ ২৪ হাজাৰ ৬৩০ জন৷ মহাৰাষ্ট্ৰতো পৰিস্থিতি গুৰুতৰ হৈ পৰিছে। যোৱা ২৪ ঘণ্টাত ৪৩১ জন লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ সংক্ৰমণ। মহাৰাষ্ট্ৰত সক্ৰিয় ৰোগীৰ সংখ্যা ৩ হাজাৰ ১৩১ জন। আনহাতে পজিটিভিটিৰ হাৰ ৩.০১ শতাংশ।

একে সময়তে ৰাজধানী দিল্লীত ২১২জন নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে এজন ৰোগীৰ মৃত্যু হৈছে। দিল্লীত পজিটিভিটিৰ হাৰ ২.৪২ শতাংশ। একে সময়তে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৪৮৬ জন। ইয়াৰ বাহিৰেও কৰ্ণাটকত ১১৬জন নতুনকৈ আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। কৰ্ণাটকত সক্ৰিয় ৰোগীৰ সংখ্যা ২১০৬জন, হাৰিয়ানাত ১৭৪ জন আৰু ৰাজস্থানত ৪৬জন নতুনকৈ আক্ৰান্ত হৈছে।

Post a Comment

0 Comments