মন্ত্ৰী কেশৱ মহন্তই বৰপথাৰত উদ্ধোধন কৰে চাহ বাগান আদৰ্শ বিদ্যালয় ! বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত গ্ৰহণ কৰিলে দুপৰীয়াৰ আহাৰ

 


মন্ত্ৰী কেশৱ মহন্তই বৰপথাৰত উদ্ধোধন কৰে চাহ বাগান আদৰ্শ বিদ্যালয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ।

আজি ধনশিৰি মহকুমাৰ বৰপথাৰ পাভজানত উপস্থিত হয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা সৰুপথাৰ সমষ্টিৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ আজি বৰপথাৰ পাভজান চাব বাগিচাৰ নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ অসমৰ ৯৬ খন চাহ বাগিচাত প্ৰথমবাৰলৈ আদৰ্শ বিদ্যালয় নিৰ্মাণেৰে চাহ বাগিচাত শিক্ষাৰ সোণালী যুগৰ সূচনা কৰি বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক সকলো দিশতে আগবঢ়াই নিয়াৰ এক প্ৰয়াস কৰিছে চৰকাৰ খনে ৷ লগতে কয় যে আনাগত দিনত এই আদৰ্শ বিদ্যালয়খন উচ্চমাধ্যমিক পৰ্যায়লৈ উন্নত কৰা হব। তদুপৰি স্বাস্থ্য মন্ত্রী গৰাকীয়ে অনাগত দিনত সৰুপথাৰ স্বাস্থ্য কেন্দ্ৰ খনো জিলা পৰ্য্যায়ৰ চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কথা সদৰী কৰে। উল্লেখ্য যে আজিৰ অনুস্থানত স্বাস্থ্য মন্ত্ৰী গৰাকীৰ লগতে শুভ উদ্বোধনৰ অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, ধনশিৰী মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, পাভজান বাগানত স্বত্বাধিকাৰী ৰাখী শইকীয়া ৷ অনুস্থানৰ শেষত মন্ত্ৰী গৰাকীয়ে বিদ্যালয় ছাত্ৰ ছাত্ৰী সকলৰ লগত একেলগে বহি দুপৰীয়াৰ অহাৰ গ্ৰহণ কৰাৰ লগতে  মত বিনিময় কৰে ৷

Post a Comment

0 Comments