বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ মৃত্যু, আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু আশ্বিকুলৰ

 


আশ্বিকুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে BPCHৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে।

অৱশেষত আৰক্ষীৰ আক্ৰমণত মৃত্যু হ'ল বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ! দেওবাৰে দিনত নগাঁও আৰক্ষীৰ অভিযানত আটক হোৱা আশ্বিকুলক লৈ নিশা নগাঁও আৰক্ষীৰ এটা দলে আশ্বিকুলৰ জুৰীয়াৰ সোণাইবেৰাস্থিত বাসগৃহত অভিযান চলাবলৈ গৈছিল।

নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই সংবাদ মাধ্যমক জনোৱা অনুসৰি, "আমি আশ্বিকুলে থানা আক্ৰমণৰ উচতনি দিয়াৰ সময়ত পৰিধান কৰা ৰঙা টি-চাৰ্ট আৰু আশ্বিকুলে লুকুৱাই থোৱা অস্ত্ৰ বিচাৰি ঘৰত অভিযান চলাইছিলো। অভিযানত আশ্বিকুলৰ ঘৰত এটা 7.65mm  পিষ্টল আৰু এটা .32 পিষ্টল আৰু ৭জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হঁও। আশ্বিকুলৰ ঘৰৰ পৰা ৰঙা টি চাৰ্টটোও আমি উদ্ধাৰ কৰো। কিন্তু অভিযান চলাই ঘূৰি অহাৰ সময়ত ৰাইদঙীয়াৰ ওচৰত আশ্বিকুলে আমাৰ গাড়ীৰ পৰা জঁপিয়াই পলোৱাৰ চেষ্টা কৰে। দুৰ্ভাগ্যজনক ভাৱে পিছফালৰ পৰা আহি থকা আমাৰ আৰক্ষীৰ বাহনে আশ্বিকুলক খুন্দা মৰাত তেওঁ গুৰুত্বৰভাৱে আহত হয়। আহত আশ্বিকুলক আমি লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰো যদিও চিকিৎসকে তেঁওক মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনাটোত আমাৰ আৰক্ষীৰো এজন বিষয়া আৰু ৪জন জোৱান সামান্যভাৱে আহত হৈছে।"

Post a Comment

0 Comments