অৱশেষত মহানগৰীৰ খাৰঘূলিত তৃতীয়বাৰ ট্ৰেংকুলাইজ কৰি বশ কৰিলে জনাঞ্চলত বিচৰণ কৰা বনৰীয়া ম'হ !


 বুধবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰাই গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ম'হটোৱে। ম'হটো ট্ৰেংকুলাইজ কৰিবলৈ বহু চেষ্টা চলাইছিল বন বিভাগে। খাৰঘূলিৰ  ডনবস্ক' বিদ্যালয়ৰ সন্মুখত দীৰ্ঘ সময় ধৰি  বনৰীয়া ম'হটোৱে বিচৰণ কৰি আছিল।

খাৰঘূলিৰ এগৰাকী স্থানীয় বাসিন্দাই আৰক্ষী আৰু বন বিভাগক খবৰ দিয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় লতাশিল আৰক্ষী, বন কৰ্মী আৰু বন বিষয়া। খাৰঘূলি - জয়পুৰ পথত বহুসময় ইফালৰ পৰা সিফালে দৌৰি ফুৰে ম'হটো। পথটোত যান - বাহন চলাচলত আৰক্ষীয়ে বাধা দিয়াত যান- জটৰো সৃষ্টি হয়। বন কৰ্মীয়ে ম'হটো খেদি নি জাইকাৰ পানী প্ৰকল্পৰ চৌহদৰ ভিতৰত কৌশলেৰে প্ৰৱেশ কৰোৱায়। ম'হটোক ট্ৰেংকুলাইজ কৰিবলৈ উপস্থিত হয় চিকিৎসক। কিন্তু টিলাৰ ওপৰত ঘন জংঘলৰ ভিতৰত কেইবা ঘন্টা আশ্ৰয় লয় ম'হটোৱে। জংঘলৰ পৰা ওলাই অহাৰ পিছত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় যদিও বশ নহ'ল ম'হটো। পুনৰ ম'হটোৱে গৈ জংঘলৰ ভিতৰত আশ্ৰয় লয়। নেৰানেপেৰা বৰষুণ হৈ থকাৰ লগতে ম'হটো একে স্থানত নথকাৰ বাবে ট্ৰেংকুলাইজ কৰাত যথেষ্ট অসুবিধা হৈছিল। জাইকাৰ প্ৰকল্প চৌহদত ইফালৰ পৰা সিফালে দৌৰি ফুৰিছিল ম'হটো। পিছত আন্ধাৰ হোৱাৰ বাবে আৰু ম'হটো জংঘলৰ ভিতৰত আশ্ৰয় লোৱাত অভিযান স্থগিত কৰিব লগা হয় বন বিষয়াই।

Post a Comment

0 Comments