চাহ বাগিচা এলেকাত শিক্ষাৰ নতুন যুগৰ সূচনা! লাকুৱা নাহৰ হাবি চাহ বাগিচাত মুকলি হ'ল চৰাইদেউ জিলাৰ প্ৰথমখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

 


চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা নাহৰ হাবি চাহ বাগিচাত নৱ নিৰ্মিত অসম চৰকাৰৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয় খনৰ প্ৰাংগনত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, যুৱ কল্যাণ, সংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা,  মহমৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজহ খনি আৰু খনিজাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

ৰাজ্যত মুঠ ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন প্ৰক্ৰিয়াৰ আজি প্ৰথম দিনা চৰাইদেউ জিলাৰ লাকুৱা নাহৰ হাবি বাগিচাত নিৰ্মাণ হোৱা বিদ্যালয় খন শুভ উদ্বোধন কৰি মন্ত্ৰী বিমল বৰাই বাগিচাখনত নতুনকৈ বিদ্যালয়  স্থাপনৰ যোগেদি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব বুলি মন্তব্য কৰে। লগতে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী যাতে ডাক্তৰ, ইঞ্জিনীয়াৰ, এচিএছ অফিচাৰ হয় আৰু আৰ্থিক দন্যতাৰ বাবে যাতে কোনো ছাত্ৰছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবেই অসম চৰকাৰৰ এই পদক্ষেপ বুলি মন্তব্য কৰে৷


Post a Comment

0 Comments