মাত্ৰ ৮ মাহ পূৰ্বে আবদ্ধ হৈছিল বিবাহপাশত, স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক!


 দক্ষিণ কামৰূপৰ জোৰশিমুলীত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ ন-পত্নীক৷ জেছমিনা খাতুন নামৰ এগৰাকী বোৱাৰীক ডিঙি চেপি হত্যা। হত্যাকাণ্ডত শাহুৱেক আৰু শহুৰেকো জড়িত থকাৰ অভিযোগ বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালৰ।

গৰৈমাৰীৰ জোৰশিমুলী গছপোতা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।
হাতীগাঁৱৰ চাঞ্চল্যকৰ ইমাম হত্যাকাৰী তথা কুখ্যাত ডকাইত ছবুৰ আলীক জোৰশিমুলী গছপোতা গাঁৱৰ পৰা আটক কৰাৰ চাঞ্চল্য মাৰ নৌ-যাওঁতেই গাঁওখনত আন এক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য৷

ইতিমধ্যে, জোৰশিমুলী আৰক্ষীয়ে অভিযুক্ত স্বামীসহ শাহু–শহুৰেকক আটক কৰি অব্যাহত ৰাখিছে তদন্ত৷ ইফালে, পত্নী জেছমিনা খাতুনক হত্যা কৰি পলায়ন কৰিছিল হত্যাকাৰী স্বামী হাবিজুৰ হক৷ জোৰশিমুলী আৰক্ষীয়ে চলোৱা অভিযানত নিশাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হয় স্বামী হাবিজুৰ হকক৷ মাত্ৰ ৮ মাহ পুৰ্বে বিবাহপাশত আৱদ্ধ হোৱা জেছমিনা খাতুনৰ হত্যাকাৰী হাবিজুৰ হকে ইতিমধ্যে নিজমুখে স্বীকাৰ কৰিছে পত্নী হত্যাৰ কথা।

 

Post a Comment

0 Comments