'মই এতিয়া ৰাজনৈতিক ভাবে মুক্ত'-অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে

 


অসম জাতীয় পৰিষদ দল ত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে। যোৱা মাজুলীৰ উপ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আছিল চিত্তৰঞ্জন বসুমতাৰী। সেইদৰে ২০২১ৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ টিকটক ধেমাজি সমষ্টিত শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াইছিল জাতীয়তাবাদী শিৱিৰৰ নেতাগৰাকীয়ে।

শুকুৰবাৰে চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ পৰা পদত্যা কৰাৰ কথা ছচিয়েল মিডিয়া যোগে জনায়। তেওঁ লিখে যে- 'মই এতিয়া ৰাজনৈকিৰ ভাবে মুক্ত।'
শক্তিশালী নেতাগৰাকীৰ পদত্যাগে অসম জাতীয় পৰিষদ দলক ক্ষতি কৰিব বুলি এতিয়া আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

Post a Comment

0 Comments