শ্বিনজ’ৰ বুকুত গুলী লাগিছিল। ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।শ্বিনজ’ৰ বুকুত গুলী লাগিছিল। ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আশংকাই সত্য হ’ল। হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেই। আজি পুৱা দুৰ্বৃত্তই গুলীচালনা কৰিছিল শ্বিনজ’ আবেলৈ লক্ষ্য কৰি। এক মঞ্চত ভাষণ দিয়াৰ সময়তে গুলীবিদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজি আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বিনজ’ৰ বুকুত গুলী লাগিছিল। ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিৰ্বাচন প্ৰচাৰৰ সময়ত ভাষণ দি আছিল শ্বিনজ’ আবেই। সেই সময়তে হঠাৎ দুৰ্বৃত্…
ODD অসম ডেস্ক: বুধবাৰে ইউকে কেবিনেটৰ কেইজনমান জ্যেষ্ঠ সদস্যই প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ চৰকাৰী বাসভৱন ১০ ডাউনিং ষ্ট্ৰীটত কেলেংকাৰীত আক্ৰান্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিবলৈ প্ৰধানমন্ত্ৰী বৰিছ জনছনক আহ্বান জনায়। তেওঁলোকৰ ভিতৰত আছিল ব্ৰিটিছ গৃহ মন্ত্ৰী প্ৰীতি পেটেল। কেইবাখনো প্ৰতিবেদন অনুসৰি, কেবিনেটৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী জনছনৰ উভতি অহাৰ বাবে অপেক্ষা কৰিছিল আৰু এখন সংসদীয় সমিতিৰ দ্বাৰা দীঘলীয়া পৰীক্ষা-নিৰীক্ষা কৰি তেওঁক কৈছিল যে তেওঁ এতিয়া পদত্যাগ কৰা উচিত। NDTV.com এক প্ৰতিবেদন অনুসৰি, প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কট্টৰ …
পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে।যমধ্যবিত্তৰ মূৰত পুনৰ মাধমাৰ! পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। ১০৭৯ টকা হ’লগৈ প্ৰতিটো চিলিণ্ডাৰৰ দাম। পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে। ইমানদিনে ১০২৯ টকাত চিলিণ্ডাৰ কিনিছিল জনসাধাৰণে। আজিৰে পৰা সেই চিলিণ্ডাৰ কিনিব লাগিব ১০৭৯ টকাত। ৰন্ধন গেছৰ ৰাজসাহায্যও কাৰ্যত উঠাই দিছে কেন্দ্ৰীয় চৰকাৰে। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বাঢ়িলেও বাণিজ্যিক ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দামৰ কোনো পৰি…
বৰাক উপত্যকাত ভয়ংকৰ বান পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰনত অহাৰ পিছত বন্যাৰ্তৰ বুজ ল'বলৈ চৰিদিনৰ কৰ্মসূচী লৈ বৰাক উপত্যকাত উপস্থিত হয় AIUDF প্ৰধান বদৰুদ্দিন আজমল ৷ বদৰুদ্দিন আজমলে (Badaruddin Ajmal) উপস্থিত হয় বদপুৰত। পানী হ্ৰাস পোৱা ঠাইত খন্তেক চকু ফুৰাই বান নিয়ন্ত্ৰনৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰে। পিছে বান পৰিস্থিতিৰ বুজ ল'বলৈ আহিলেও উপস্থিত সাংবামাধ্যমৰ সম্মুখত কংগ্ৰেছ (Congress)ক গালি পাৰিবলৈ নেৰিলে আজমলে। আজমলে কয় যে ভূপেন বৰা (Bhupen Bora) কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে কংগ্ৰেছক নিশ্চিহ্ন কৰি দিছে
যশপ্ৰীত বুমৰাহক টীম ইণ্ডিয়াৰ নতুন অধিনায়ক নিৰ্বাচিত কৰা হৈছে। বিচিচিআইয়ে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে৷ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা ক'ৰোনাৰ বাবে খেলৰ পৰা বাহিৰ হৈছে৷ কপিল দেৱৰ পিছত, বুমৰাহ হৈছে ভাৰতৰ অধিনায়ক হোৱা দ্ৰুত বলাৰ। ভাৰত আৰু ইংলেণ্ডৰ মাজত কাইলৈ এজবাষ্টনত ৫ম টেষ্ট আৰম্ভ হ'ব। টীম ইণ্ডিয়া শৃংখলাটোত ২-১ ত আগবাঢ়ি আছে। এনে পৰিস্থিতিত, অধিনায়ক হিচাপে বুমৰাহে দলটোক এটা শৃংখলা জয় দিব বিচাৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ক্ষেত্ৰত এই খেলখন অতি গুৰুত্বপূৰ্ণ। বিচিচিআইয়ে কৈছিল যে ৰোহিত শৰ্মাক বৃহস্পতিবাৰে ৰাতিপুৱা পৰীক্…
কটন বিশ্ববিদ্যালয়ত হুৱাদুৱা। প্ৰতিবাদমুখৰ হৈ উঠিল বহু ছাত্ৰ ছাত্ৰী। কটন বিশ্ব বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কটনিয়ানৰ। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পিছতে উত্তাল হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ বাকৰি। আনকি খং আৰু ক্ষোভত ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই কটনিয়ানে সাব্যস্ত কৰিলে প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অভিষেক মহন্ত। ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি কাম কৰাৰ আশাতে কটনিয়ানে সাধাৰণ সম্পাদকৰ …
কলিয়াবৰত দিন-দুপৰতে জনাঞ্চলত বিচৰণ বন্যহস্তীৰ এটা জাকৰ। গাঁৱৰ মাজত বন্যহস্তীৰ জাক দেখি আতংকই বিৰাজ কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁৱত। কলঙৰ পাৰে পাৰে ঘূৰে পোৱালিসহ ৪-৫টা বন্যহস্তীৰ জাকটোৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিগত দুদিন ধৰি কলিয়াবৰৰ জনাঞ্চলত অৱস্থান কৰিছে এই বন্যহস্তীৰ জাকটোৱে। বৃহস্পতিবাৰে দিন দুপৰতে কলিয়াবৰৰ ধনেখোৱা, বৰভগীয়া, মিলন নগৰ, উলূৱনিত বন্যহস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰে গঞা। উলূৱনিত স্কুটীত আৰোহীলৈ চোঁচা লয় এটা বন্যহস্তীয়ে। বন্যহস্তীয়ে ভাঙি ক্ষতি কৰে এজনৰ বাসগৃহৰো। বৃহস্পতিবাৰে পুৱাৰে পৰা বিয়লিলৈকে …
Social Plugin