জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যু, আজি আততায়ীৰ গুলীত আহত হৈছিল আবে

Former Japanese PM Shinzo Abe Shot, Critically Wounded During Speech –  Deadline

শ্বিনজ’ৰ বুকুত গুলী লাগিছিল। ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।শ্বিনজ’ৰ বুকুত গুলী লাগিছিল। ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

 

আশংকাই সত্য হ’ল। হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেই। আজি পুৱা দুৰ্বৃত্তই গুলীচালনা কৰিছিল শ্বিনজ’ আবেলৈ লক্ষ্য কৰি। এক মঞ্চত ভাষণ দিয়াৰ সময়তে গুলীবিদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজি আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বিনজ’ৰ বুকুত গুলী লাগিছিল। ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

নিৰ্বাচন প্ৰচাৰৰ সময়ত ভাষণ দি আছিল শ্বিনজ’ আবেই। সেই সময়তে হঠাৎ দুৰ্বৃত্তই গুলীচালনা কৰিছিল। মঞ্চতে ঢলি পৰিছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু শেষ ৰক্ষা নহ’ল আবেৰ।


উল্লেখযোগ্য যে আবেলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰি সেই স্থানতে ৰৈ আছিল আক্ৰমণকাৰী। পলাবলৈও কোনো চেষ্টা কৰা নাছিল আক্ৰমণকাৰীয়ে। কিয় আবেৰ ওপৰত এই আক্ৰমণ সেই সম্পৰ্কে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে।

যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। কোৱা হৈছে যে য়ামাগামীয়ে ৩ডি প্ৰিণ্টেড বন্দুকেৰে গুলীচালনা কৰিছিল, অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই। আবেই এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে ছিনজো আবে জাপানৰ আটাইতকৈ দীৰ্ঘসময় ধৰি পদত থকা প্ৰধানমন্ত্ৰী। তেওঁ ৫২ বছৰ বয়সতে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল। তেওঁ আটাইতকৈ কম বয়সৰ প্ৰধানমন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছিল। ২০২০ চনত কোলাইটিছ ৰোগৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিছিল।

 

Post a Comment

0 Comments