আজি বিশ্ব পৰ্যটন দিৱস। বিশ্ব পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আপোনালোকক উত্তৰ-পূবৰ এনে কেইখনমান গাঁৱৰ সৈতে চিনাকি কৰাই দিব খুজিছো যিকেইখন গাঁও প্ৰতিগৰাকী ভ্ৰমণ প্ৰেমী লোকৰে ‘ড্ৰীম ভে’কেশ্যন’ৰ তালিকাত থকা উচিত। জুলুক, ছিকিম সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ ফুট উচ্চতাত থকা ছিকিমৰ জুলুক গাঁও এসময়ত ঐতিসাহিক ছিল্ক ৰ’টৰ ট্ৰান্জিন্ট পইণ্ট আছিল। জুলুকৰ পৰা ১৪ কিঃমিঃ নিলগত থকা থাম্বি ভিউ পইণ্টৰ পৰা কাঞ্চনজংগা পৰ্বতমালাৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়। হৰিণ, হিমালয়ী ভালুক, বাঘ, ৰঙা পাণ্ডা আদি ইয়াত দেখিবলৈ পোৱা যায়। গৰমৰ মাহ কেইটাত গোটেই অঞ্চলটো ৰড’ডেনড্ৰন ফুলে…
অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত কিছু পৰিমাণে বৰষুণৰ হোৱাৰ সম্ভৱনা। এই সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কিছু কিছু স্থানত বৰষুণৰ লগতে থাকিব ধেৰেকনি। উল্লেখযোগ্য বিগত কিছুদিন ধৰি গৰমে দহিছে সমগ্ৰ অসম। তাৰ মাজতে সোমবাৰে মহানগৰীৰ লগতে কিছু কিছু প্ৰান্তত বৰষুণ হোৱা দেখা যায়।
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত। সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়- ‘ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দলেয়ে নহয়’ ‘বিজেপি দেশৰ জনগণৰ বাবে উৎসৰ্গিত এক ৰাজনৈতিক সত্ত্বা’ ‘ভাৰতৰ সভ্যতা সংস্কৃতিয়ে নতুন গতি লাভ কৰিছে’ ‘লুইতৰ পাৰত থিয় হৈ প্রধানমন্ত্রীৰ দীৰ্ঘায়ু কামনা কৰিছো’ ‘ভাৰতবৰ্ষক বিশ্বগুৰু আসনত প্রতিষ্ঠা কৰক’ ‘মোডীৰ নেতৃত্বত বিজেপিয়ে উন্নতিৰ শিখৰত অৱনীত হৈছে’ ‘আমাৰ সমস্যা নিৰীক্ষণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোডী আছে’ ‘আমি নৰেন্দ্র মোডী হ’ব নোৱাৰো’ ‘কিন্তু নৰেন্দ্র মোডীৰ আদৰ্শ, পদাংক অনুসৰণ কৰিব পাৰো’ ‘বগীবিল, ধলাশদিয়াৰ ৰাস্…
Odd অসম: দৰঙৰ ঢলপুৰৰ উচ্ছেদৰ নামত নিৰ্মম গুলিচালনাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিলম্বনৰ লগতে নিহত, আহত সকলৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ দিবলৈ আহি খঙত অগ্নিশর্মা হৈ পৰিল ভূপেন বৰা। আৰক্ষী আৰু দণ্ডাধীশে দুৱাৰ মুখতে স্মাৰক পত্ৰ দিবলৈ যোৱাত বাধা প্ৰদান কৰাত উত্তেজিত হৈ ভূপেন বৰাই নিজৰ চোলা ছিঙি বুকু উদঙাই গুলীয়াবলৈ আৰক্ষীক আহ্বান জনায়। গৰুখুটিৰ ঘটনাৰ বিৰোধীতাৰে প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ৰিপুন বৰা,আব্দুল খালেক,বিৰোধী দলপতি দেবব্ৰত শইকীয…
Odd অসম: শুকুৰবাৰে ঘোষণা কৰা হয় ভাৰতীয় লোকসেৱা আয়োগৰ (UPSC) 2020 অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ আয়োগে এইবাৰ মুঠ ৭৬১ জন প্ৰাৰ্থী নিযুক্তিৰ পৰামৰ্শ দিছে । শুভম কুমাৰে এই সন্মানীয় পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে ।UPSC mains results: Assam's Hassanujjaman Choudhury secured 283 rankUPSCত 283 স্থান হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰআনহাতে, চূড়ান্ত ফলাফলত 283 নম্বৰ স্থান লাভ কৰিছে হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীয়ে ৷ হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক ৷ তেওঁৰ পিতৃৰ নাম জাকিৰ আহমেদ চৌধুৰী ৷ইয়াৰ উপৰিও চূড়ান্ত ফল…
Odd অসম: গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগৰা অঞ্চলত প্ৰায় ৬ মাহ পূৰ্বে লখিমপুৰৰ তুল দত্তৰ হত্যাকাণ্ডৰ সতে জড়িত ঢকুৱাখনা জালভাৰী গাঁওৰ হত্যাকাৰী গেৰজাই ক গ্ৰেপ্তাৰ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰিছে। ঢকুৱাখনা সদৰ থানাৰ অচি নিৰঞ্জন বৰুৱাৰ আৰু মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ নেতৃত্বত চলা এক অভিযান কালত দুধর্ষ হত্যাকাৰীটোক ঢকুৱাখনা থানাৰ অন্তৰ্গত কপহুৱা গাঁওত অভিযান চলাই গেৰজাই ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি হত্যাকাৰীটোক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।
Odd অসম: দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ ১ নং, ২ নং আৰু ৩ নং ঢলপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বৃহস্পতিবাৰে হৈ যোৱা বিক্ষিপ্ত ঘটনাৰ বাবে শুকুৰবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা দণ্ডাধীশ প্ৰভাতী থাওচেনে চি.আৰ.পি.চিৰ অধীনত ১৪৪ ধাৰাৰ নিৰ্দেশ জাৰি কৰিছে । এই সময়ছোৱাত প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক একে সময়তে সমবেত হ’ব নোৱাৰিব। কোনো লোকেই সমদল আদিৰ দৰে কাৰ্য্যসূচীৰ আয়োজন কৰিব নোৱাৰিব। ইয়াৰ উপৰিও কোনো ব্যক্তিয়েই ৰাজপথ আদিত জনসাধাৰণ তথা যানবাহনৰ চলাচলত বাধা আৰোপ কৰিব নোৱাৰিব। প্ৰশাসনৰ নিৰ্দেশ অবিহনে কোনো…
Odd অসম: দীৰ্ঘদিনে উৎকোচ বিচাৰি হাৰাশাস্তি কৰি অহা নগাঁও কোষাগাৰত বুধবাৰে আৰক্ষীৰ জালত পৰিল কোষাগাৰ কৰ্মচাৰী ৷ এগৰাকী আৰক্ষী কনিষ্টবলে পাঁচ দিনে জি পি এফৰ ধন আদায় পাবলৈ কোষাগাৰৰ কৰ্মচাৰীক উৎকোচ নিদিয়াৰ বাবে কাম নোহোৱাত কনিষ্টবল প্ৰবীন বৰা শৰণাপন্ন হয় নগাঁৱৰ আৰক্ষী অধীক্ষকৰ৷ অভিযোগ ভিত্তিত অধীক্ষক আনন্দ মিশ্ৰই অসামৰিক পোচাকত মহিলা আৰক্ষী সহ এটি দল কোষাগাৰলৈ প্ৰেৰণ কৰে ৷ উৎকোচ দাবী কৰা কোষাগাৰৰ কৰ্মচাৰী খুচবু হৰলালকাক প্ৰবীণ বৰাই এহেজাৰ টকা আদায় দিয়ে ৷ খুচবুয়ে হাঁহি হাহিঁ টকা লৈ কাম হৈ যাব বুলি কোৱাৰ লগে লগে অসামৰিক পোচাকত থকা আৰক্ষী কনিষ্টিবল …
Odd অসম: আজিকালি চীনা অভিভাৱকসকলে তেওঁলোকৰ সন্তানক 'চুপাৰ কিড' (Super Kid) বনোৱাৰ বাবে এক অদ্ভুত কাণ্ডৰ (Chicken parenting) আশ্ৰয় লৈছে। ছিংগাপুৰৰ এটা পোষ্ট প্ৰতিবেদনত দাবী কৰা হৈছে যে চীনা শিশুসকলক কুকুৰাৰ তেজৰ বেজী দিয়া হয় (Chicken blood injections)। এইটোৱে তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ আঁতৰ কৰিছে আৰু তেওঁলোকৰ শৰীৰক চঞ্চল কৰি তুলিছে। চীনা অভিভাৱকৰ দ্বাৰা বহুতো লাভালাভ গণনা কৰা হয় প্ৰতিবেদন অনুসৰি, কুকুৰাৰ তেজৰ বেজী দিয়াৰ বিষয়ে কেইবাটাও দাবী আছে। উদাহৰণ স্বৰূপে, ই কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰে। কুকুৰাৰ তেজত ষ্টেৰইড থাকে যি…
Odd অসম: অহা ১৭ অক্টোবৰৰ পৰা ইউ এ ই আৰু ওমানত আৰম্ভ হ'ব টি-২০ ক্ৰিকেটৰ বিশ্বকাপৰ মহাৰণ। সৰ্বমুঠ ১৬টা দলে অংশ ল'ব লগা ক্ৰিকেটৰ মহাৰণখনলৈ এতিয়া অধিৰ আগ্ৰহেৰে বাট চাই আছে বিশ্বৰ ক্ৰিকেটপ্ৰেমীসকলে। বিশ্ব ক্ৰিকেটৰ অন্যতম বৃহৎ প্ৰতিযোগিতাখনত এইবাৰ অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে নৱাগত ওমান আৰু পাপুৱা নিউগিনিয়ে। ইতিমধ্যে প্ৰতিটো দলেই নিজা নিজা খেলুৱৈৰ তালিকা আই চি চি কৰ্তৃপক্ষক জমা দিছে। কোনটো দলত কোনকেইজন খেলুৱৈয়ে স্থান লাভ কৰিছে এবাৰ জানো আহক। (১) ভাৰত: বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (উপ-অধিনায়ক), কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উই…
Odd অসম: কামৰূপ জিলাৰ বকোত বনৰীয়া হাতীয়ে ৰাইজৰ মাজত আতংক সৃষ্টি কৰাৰ সুযোগ গ্ৰহণ কৰি একাংশ চোৰাংবেপাৰীয়ে দিনে-নিশাই মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছে । পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰাজাপাৰা শালনীবাৰীত ত্ৰিশটা হাতীয়ে যোৱা এমাহ ধৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে । বনৰীয়া হাতীৰ জাকটোৱে ৰাজাপাৰা শালনীবাৰীৰ আশে-পাশে থকা গাঁৱবোৰত সোমালে ৰাইজে খেদি পঠিয়াই দিয়াত ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি শালনীবাৰীত অবাধে চোৰাংবেপাৰীয়ে মূল্যৱান শালগছ কটি তহিলং কৰিছে । বিশেষকৈ ৰাজাপাৰা…
Odd অসম: গোৱালপাৰাৰ কাছাৰী ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত তিনিগৰাকীকৈ ছাত্ৰ গা ধুবলৈ গৈ সন্ধানহীন হৈ আছে। বুধবাৰে দুপৰীয়া চাৰে বাৰমান বজাত নদীত গা-ধুবলৈ নমা তিনিগৰাকীকৈ ছাত্ৰ মুহূৰ্ততে সন্ধানহীন হৈ পৰাত সমগ্ৰ চৰহখনতে গভীৰ শোকৰ ছাঁ পৰিছে। গোৱালপাৰা আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত সন্ধানহীন ছাত্ৰ তিনিগৰাকীৰ অনুসন্ধান কৰে যদিও সন্ধিয়ালৈকে কোনো সন্ধান উলিয়াব নোৱাৰিলে। জানিব পৰা মতে, গোৱালপাৰা চহৰৰ উপকণ্ঠ মিলন নগৰ-শান্তিপুৰৰ ৰবিনুল ইছলাম, মুক্তাৰ আলী, নবী হুছেইন আৰু সাহিনুৰ আলী নামৰ অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰ ছাত্ৰ চাৰিগৰাকীয়ে বুধবাৰে দুপৰীয়া ঘৰৰ পৰা …
Odd অসম: কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত টেলিকম খণ্ডটোত বহু সংখ্যক গাঁথনিগত আৰু প্ৰক্ৰিয়ামূলক সংস্কাৰত অনুমোদন জনাইছে। এই সংস্কাৰৰাজিয়ে নিয়োগৰ সুযোগ সুৰক্ষিতকৰণ আৰু নিয়োগ সৃষ্টিত সহায় কৰিব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ। লগতে লিকুইডিটিৰ সঞ্চাৰ, বিনিয়োগক উৎসাহ যোগাব বুলিও আশা কৰিছে। কেন্দ্ৰীয় কেবিনেটে কোভিড-১৯ৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাত টেলিকম খণ্ডটোৱে উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল। এই সময়চোৱাত ডাটাৰ ব্যৱহাৰ বৃদ্ধি পালে, অনলাইন শিক্ষাৰ প্ৰসাৰ হ’ল, ৱৰ্ক ফ্ৰম হ’ম, সামাজিক মাধ্যম, ভাৰ্চুৱেল মিটিং ইত্যাদিৰ জৰিয়তে প…
Odd অসম: এইবাৰ সীতাৰ চৰিত্ৰত কংগনা ৰাণৌৱট। কৰিনা কাপুৰে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি কে’বাদিনো ধৰি উৰাবাতৰি ওলাই আহিছিল। কিন্তু এইবাৰ ডাঙৰ পৰ্দাত পৌৰাণিক চৰিত্ৰটো তুলি ধৰিব কংগণা ৰাণৌৱতে। ছবিখনৰ শিৰোনাম হৈছে ‘সীতা, অৱতাৰ’ (সীতা: দ্য অৱতাৰ) অভিনেতাজনে সামাজিক মাধ্যমত নিজেই এই কথা জানিবলৈ দিয়ে। ছবিখনৰ পোষ্টাৰ আপলোড কৰি তেওঁ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা বুলি শিৰোনাম দিয়ে। তেওঁৰ লগত যিসকলে কাম কৰিছে তেওঁলোক সকলো প্ৰতিভাশালী অভিনেতা বুলিও লিখিছে অভিনেত্ৰীগৰাকীয়ে । ৰাম সীতাৰ আশীৰ্বাদ লৈয়ে আৰম্ভ কৰিছে এই নতুন ছবিখন । ছবিখনৰ পৰিচালক অলৌকিক দেশাই…
Odd অসম: পাকিস্তানৰ আধাতকৈও অধিক নাগৰিকে আফগানিস্তানত তালিবানৰ শাসনৰ সপক্ষে মত প্ৰকাশ কৰিলে। সমীক্ষক প্রতিষ্ঠান গেলপ ইণ্টাৰনেচনেল এছ’চিয়েচনে এই সন্দৰ্ভত চলােৱা এক সমীক্ষাত ২৪০০ জন পাকিস্তানী নাগৰিকৰ আফগানিস্তানত তালিবানৰ শাসনৰ সন্দৰ্ভত মত গ্ৰহণ কৰা হৈছিল। সমীক্ষাটোত অংশ লােৱা ৫৫ শতাংশ পাকিস্তানী নাগৰিকে আফগানিস্তানত তালিবানৰ শাসনৰ সপক্ষে মত প্রকাশ কৰে।মাত্র ২৫ শতাংশ পাকিস্তানী নাগৰিকেহে তালিবানৰ শাসনত সুখী নহয় বুলি সমীক্ষাটোত ব্যক্ত কৰাৰ বিপৰীতে ২০ শতাংশ অংশগ্রহণকাৰীয়ে এই সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে।
Odd অসম: শৰীৰ ঢাকবিলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত পোছাকেই যথেষ্ট । বোৰ্খা এৰি তালিবানক সেয়াই বুজাই দিলে আফগান মহিলাসকলে । কিন্তু এইবাৰ কিছু অন্য প্ৰকাৰে । পৰম্পৰাগত আফগান পোছাকত নিজকে সজাই কেমেৰাৰ সন্মুখত থিয় হয় তেওঁলোকে । তাৰ পাছত নিজৰ ছবি তুলি প’ষ্ট কৰিলে সামাজিক মাধ্যমত । সেই ছবিৰ বিৱৰণত হেছটেগ দি তালিবানক উদ্দেশ্যি এটা সতর্কবার্তা লিখে —#DoNotTouchMyClothes অর্থাৎ ‘মোৰ পোছাকত হাত নিদিব’ । আফগানিস্তানৰ নতুন তালিবান চৰকাৰে ২৪ ঘণ্টা আগতেই ঘোষণা কৰিছিল, শ্বৰিয়তি আইন মানি বোৰ্খা পৰিধান কৰিয়ে মহিলাসকলে কামত যোগ দিব পাৰিবে । এই প…
Odd অসম: মুম্বাইত বাস কৰা ২৭ বছৰীয়া গ্ৰাফিক ডিজাইনাৰ পাৰ্থ বাৰ্চনিয়ে আঠ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মধ্য ভাৰতৰ ৰাজ্য ছত্তীশগড়ত বাইচন-হৰ্ণ মাৰিয়া জনজাতিৰ মুখামুখি হৈছিল। কেইবা দশক হৈ গ'ল, কিন্তু তেওঁ সেই দিনবোৰ ভালদৰে মনত ৰাখে। তেওঁ ভি.আই.চি.-ক কৈছিল, "মোৰ দেউতা এজন চৰকাৰী বিষয়া আছিল যাক সেই অঞ্চলত নিযুক্তি দিয়া হৈছিল।" "এনে লাগিছিল যেন মই একেবাৰে বেলেগ পৃথিৱীত ভৰি দিছো। খালি স্তনৰ মহিলা আৰু পুৰুষে তেওঁলোকৰ ৰীতি-নীতিৰ নৃত্য পৰিৱেশন কৰোঁতে ইজনে সিজনক যৌন ভাৱে জোকাইছিল, আৰু কোনো বাধা নাছিল। কোনেও কোনো বিষয়ে সচেতন নাছিল, আৰ…
Odd অসম: বিগত ২৯ আগষ্টত আফগানিস্তানৰ মাটিত শেষ আঘাত হানিছিল আমেৰিকাই । কোৱা হৈছিল, কাবুল বিমানবন্দৰ অঞ্চলত আত্মঘাতী আক্ৰমণ সংঘটিত কৰা আইএছ-কে সংগঠনৰ পৰিকল্পনাকাৰীক হত্যা কৰা হৈছে । কিন্তু পৰৱর্তী সময়ত নিউ য়র্ক টাইমছ-ৰ ভিডিঅ’ বিশ্লেষণত ধৰা পৰিছে, আইএছ-কে সন্ত্ৰাসবাদী নহয়, আমেৰিকান ড্র’ন ছ’জাই তেওঁলোকৰ নিজৰ মানুহকেই আঘাত হানিছে ! ঘটনাত বিড়ম্বনাত পৰিছে বাইডেন প্রশাসন । ২৬ আগষ্ট কাবুল বিমানবন্দৰ অঞ্চলত আত্মঘাতী আক্ৰমণ চলাইছিল আইএছ-কেয়ে । এই ঘটনাত প্ৰায় ১৭০ জন আফগান নাগৰিক আৰু আমেৰিকাৰ ১০ জন নাগৰিকৰ মৃত্যু হয় । ২৯ আগষ্টত ইয়াৰ ‘প্ৰতিশোধ’ লয়…
Odd অসম: বাস্তৱতো খলনায়ক ৰানা ডগ্গুবতী । বুধবাৰে এনফ’র্ছমেন্ট ডিৰেক্টৰেট (ইডি) দফতৰত মাতিলে তেলুগু ছবিৰ জনপ্রিয় অভিনেতাজনক । তেওঁ ২০১৭ৰ মাদক আৰু অর্থ কেলেংকাৰী গোচৰত জড়িত, এই অভিযোগত অভিযুক্ত ৰানা । সেই ঘটনাৰ বাবেই ‘বাহুবলী’ৰ খলনায়কক মতা হৈছে বুলি জনায় বলিউড সংবাদমাধ্যমে । কেৱল ৰানাই নহয়, তেওঁৰ স’তে আৰু ১০ অভিনেতা-পৰিচালকে ইডি দফতৰত চমন পাইছে । ইয়াৰ আগতে ৩১ আগষ্ট কেন্দ্রীয় সংস্থাত হাজিৰ দিছিল জনপ্রিয় পৰিচালক পুৰী জগন্নাথ, অভিনেতা চার্মি কৌৰ, ৰাকুল প্রীত সিং, নন্দুসহ বহুজনে ।
Odd অসম: টি-২০ বিশ্বকাপৰ (T20 World Cup 2021) বাবে টীম ইণ্ডিয়া ঘোষণা কৰা হৈছে। ভাৰতীয় নিৰ্বাচকসকলে মুম্বাইত দলটো ঘোষণা কৰিছে আৰু ডাঙৰ খবৰটো হ'ল যে আৰ অশ্বিনক দলটোত সুযোগ দিয়া হৈছে। মহেন্দ্ৰ সিং ধোনীক দলটোৰ পৰামৰ্শদাতা হিচাপে মনোনীত কৰা হৈছে। অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, ৰাহুল চাহাৰ, ঈশান কিষাণৰ দৰে যুৱ খেলুৱৈসকলকো দলটোত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰেয়াছ আয়াৰ, দীপক চাহাৰ আৰু শাৰ্দুল ঠাকুৰক ৰিজাৰ্ভ খেলুৱৈত ৰখা হৈছে। পৃথ্বী শ্ব, শিখৰ ধাৱান আৰু ক্ৰুণাল পাণ্ডিয়াই দলত স্থান লাভ কৰা নাই। কেৱল সেয়াই নহয়, লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালকো টি-২০ ব…
Odd অসম: শুনিলেই নাক কোঁচ খাই যোৱা ঘটনা ! চোৰে এইবাৰ টাৰ্গেট কৰি লৈছে মহিলাৰ অন্তৰ্বাস। পিছে এই ঘটনা জাপানৰ। জাপানত আৰক্ষীয়ে এজন বৃদ্ধ লোকক গ্ৰেপ্তাৰ কৰিছিল মহিলাৰ অন্তৰ্বাস (underwear) চুৰি কৰাৰ অপৰাধত ৷ এটা, দুটা নহয় সাতশৰ অধিক মহিলাৰ অন্তৰ্বাস পোৱা গৈছিল বৃদ্ধজনৰ পৰা ৷ তেওঁ বহু বছৰ ধৰি বিভিন্ন লণ্ড্ৰীৰ পৰা এই অন্তৰ্বাসবোৰ চুৰি (Lingerie Thief) কৰি আনিছিল ৷ ৫৬ বছৰীয়া টেটচুও ওৰাতাই অলপতে জাপানৰ এটা লণ্ড্ৰীৰ পৰা ছয়যোৰ পেণ্টী চুৰি কৰিছিল আৰু তেতিয়াই এই আজৱ ঘটনাটো পোহৰলৈ আহিছিল ৷ এই চুৰিৰ ঘটনাটো জাপানৰ অবেমা টিভিত সম্প্ৰচাৰ হোৱাৰ পিছতে চাঞ্…
Odd অসম ডেস্ক: ভয়ানক বুধবাৰ! নিমাতী ঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা। এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুত চলি আছে ভয়ংকৰ নাও দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান। ইতিমধ্যে এগৰাকী যুৱতীয়ে সাৱটি লৈছে কৰুণ মৃত্যু। পিছে কিদৰে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কৰিছে বৰ্ণনা... 'আভ্যন্তৰীণ জল পৰিবহণৰ মাৰ্ভেচেল মাজুলীৰ ফালৰ পৰা আহি ঘাত পাইছিল। সেইসময়তে যোৰহাটৰ ফালৰ পৰা মাজুলী অভিমুখে যাবলৈ সাজু হোৱা নাওখনত পেছেঞ্জাৰ লোড কৰি ৰখা হৈছিল। প্ৰায় ১৫ মিনিত বাকী আছিল। সেইসময়তে মাজুলীৰ ফালৰ পৰা আহি থকা নাওখন চাপিবলৈ ঠাই উলিয়াই দিবলৈ আগলৈ আগবাঢ়ি যাওতেই নাওখন আৰু মাৰ্ভে…
Social Plugin