বিশ্ব পৰ্যটন দিৱস

আজি বিশ্ব পৰ্যটন দিৱস। বিশ্ব পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আপোনালোকক উত্তৰ-পূবৰ এনে কেইখনমান গাঁৱৰ সৈতে চিনাকি কৰাই দিব খুজিছো যিকেইখন গাঁও প্ৰতিগৰাকী ভ্ৰমণ প্ৰেমী লোকৰে ‘ড্ৰীম ভে’কেশ্যন’ৰ তালিকাত থকা উচিত।

জুলুক, ছিকিম

সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ ফুট উচ্চতাত থকা ছিকিমৰ জুলুক গাঁও এসময়ত ঐতিসাহিক ছিল্ক ৰ’টৰ ট্ৰান্জিন্ট পইণ্ট আছিল। জুলুকৰ পৰা ১৪ কিঃমিঃ নিলগত থকা থাম্বি ভিউ পইণ্টৰ পৰা কাঞ্চনজংগা পৰ্বতমালাৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়। হৰিণ, হিমালয়ী ভালুক, বাঘ, ৰঙা পাণ্ডা আদি ইয়াত দেখিবলৈ পোৱা যায়। গৰমৰ মাহ কেইটাত গোটেই অঞ্চলটো ৰড’ডেনড্ৰন ফুলেৰে জাতিষ্কাৰ হৈ থাকে।

নামফাকে, অসম

নাহৰকটীয়াত নামফাকে গাঁও ডিব্ৰুগড় জিলাৰ এখন অন্যতম সুন্দৰ আৰু চাব লগীয়া ঠাই। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা নামফাকে গাঁৱৰ মাজেৰে বৈ যোৱা বুঢ়ি দিহিং নদীয়ে গাঁওখনৰ সৌন্দৰ্য্যত অধিক মাদকতা সানি দিছে। ১৫০ টা টাইফাকে পৰিয়ালে বাস কৰা নামফাকে গাঁৱৰ লোকসকল মূলত বৌদ্ধ ধৰ্মাৱলম্বী। গাঁওখনত থকা বৌধ বিহাৰটো অসমৰ ভিতৰতে এটা পুৰণি বৌদ্ধ বিহাৰ। মূল মন্দিৰটোৰ ভিতৰত থকা বুদ্ধৰ মূৰ্তিটো সোণেৰে নিৰ্মিত। ইয়াৰ উপৰি বিহাৰটোৰ ভিতৰত এটা পুখুৰী আছে, মুকালিণ্ডা পুখুৰী হিচাপে পৰিচিত উক্ত পুখুৰীটোক পবিত্ৰ জ্ঞান কৰা হয়।

মোলুং, নাগালেণ্ড

নাগালেণ্ডৰ মোকোকচুং জিলাৰ মোলুং গাঁওখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ উপৰি ঐতিহাসিক দিশৰ পৰাও যথেষ্ট গুৰুত্ব থকা এখন গাঁও। এই গাঁৱৰ বাসিন্দাসকল হৈছে খ্ৰীষ্টিয়ান ধৰ্ম অৱলম্বন কৰা প্ৰথম নাগা লোক। নাগালেণ্ডৰ প্ৰথমটো বেপটিষ্ট চাৰ্চ এইখন গাঁৱতে স্থাপন কৰা হৈছিল। ইয়াৰ উপৰি গাঁওখনত এজোপা বিখ্যাৎ লিচু গছ আছে, জনমানসত থকা বিশ্বাস অনুসৰি উক্ত গছজোপা আমেৰিকাৰ মিছনেৰী ড০ ই ডব্লিউ ক্লাৰ্কে ৰোপন কৰিছিল। আজিৰ দিনতো গছজোপাত ফল লাগে।

ডং, অৰুণাচল প্ৰদেশ

লোহিত নদীৰ বাঁও পাৰত অৱস্থিত ডং গাঁওখন অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ ৱালং চহৰৰ পৰা প্ৰায় ৭ কিঃমিঃ দূৰত্বত আছে। ভাৰতৰ ভিতৰতে এইখনে গাঁৱতে আটাইতকৈ সোনকালে সূৰ্যৌদয় হয় বুলি কোৱা হয়। ২০০০ চনৰ ১ জানুৱাৰীৰ দিনা বিশ্বৰ বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকে ডঙৰ পৰা সূৰ্যৌদয় উপভোগ কৰিছিল। সাগৰপৃষ্ঠৰ পৰা ১২৪০ মিটাৰ উচ্চতাত অৱস্থিত এই গাঁওখনৰ সৈতে তিনিখন দেশৰ সীমা (ভাৰত, চীন আৰু ম্যানমাৰ) লগ হৈছে। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই গাঁওখন ফটোগ্ৰাফাৰসকলৰ বাবে এখন ভূ-স্বৰ্গ।

Post a Comment

0 Comments