মহিলাৰ অন্তৰ্বাস চুৰি ! এটা-দুটা নহয় ৭০০ৰ অধিক অন্তৰ্বাস চুৰি !

Odd অসম: শুনিলেই নাক কোঁচ খাই যোৱা ঘটনা ! চোৰে এইবাৰ টাৰ্গেট কৰি লৈছে মহিলাৰ অন্তৰ্বাস। পিছে এই ঘটনা জাপানৰ। জাপানত আৰক্ষীয়ে এজন বৃদ্ধ লোকক গ্ৰেপ্তাৰ কৰিছিল মহিলাৰ অন্তৰ্বাস (underwear)  চুৰি কৰাৰ অপৰাধত ৷ এটা, দুটা নহয় সাতশৰ অধিক মহিলাৰ অন্তৰ্বাস পোৱা গৈছিল বৃদ্ধজনৰ পৰা ৷ তেওঁ বহু বছৰ ধৰি বিভিন্ন লণ্ড্ৰীৰ পৰা এই অন্তৰ্বাসবোৰ চুৰি (Lingerie Thief) কৰি আনিছিল ৷ ৫৬ বছৰীয়া টেটচুও ওৰাতাই অলপতে জাপানৰ এটা লণ্ড্ৰীৰ পৰা ছয়যোৰ পেণ্টী চুৰি কৰিছিল আৰু তেতিয়াই এই আজৱ ঘটনাটো পোহৰলৈ আহিছিল ৷ এই চুৰিৰ ঘটনাটো জাপানৰ অবেমা টিভিত সম্প্ৰচাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়।  এজন ২১ বছৰীয়া যুৱকৰক গোচৰৰ  ভিত্তিত আৰক্ষীয়ে তালাচী চলায় আৰু বৃদ্ধজনৰ ঘৰৰ পৰা ৭৩০টা চুৰি অন্তৰ্বাস উদ্ধাৰ কৰে

ওৰাতাক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিষয়াসকলৰ ওচৰত তেওঁ অপৰাধ স্বীকাৰ কৰিছে ৷ তেওঁ স্বীকাৰ কৰে যে  তেওঁৰ ওচৰত থকা সকলোবোৰ অন্তৰ্বাসেই চুৰি কৰি অনা ৷ আৰক্ষীয়ে উদ্ধাৰ হোৱা সকলো অন্তৰ্বাস  (panties and bras) দেখুৱাইছিল ৷ এই চুৰি কাণ্ডটো দেখি আৰক্ষীও আচৰিত হৈ পৰিছে ৷

Post a Comment

0 Comments