কাবুলত আমেৰিকাৰ শেষ ড্ৰ’ন আক্ৰমণত নিহত আমেৰিকাবাসী ! বিড়ম্বনাত বাইডেন

Odd অসম: বিগত ২৯ আগষ্টত আফগানিস্তানৰ মাটিত শেষ আঘাত হানিছিল আমেৰিকাই । কোৱা হৈছিল, কাবুল বিমানবন্দৰ অঞ্চলত আত্মঘাতী আক্ৰমণ সংঘটিত কৰা আইএছ-কে সংগঠনৰ পৰিকল্পনাকাৰীক হত্যা কৰা হৈছে । কিন্তু পৰৱর্তী সময়ত নিউ য়র্ক টাইমছ-ৰ ভিডিঅ’ বিশ্লেষণত ধৰা পৰিছে, আইএছ-কে সন্ত্ৰাসবাদী নহয়, আমেৰিকান ড্র’ন ছ’জাই তেওঁলোকৰ নিজৰ মানুহকেই আঘাত হানিছে ! ঘটনাত বিড়ম্বনাত পৰিছে বাইডেন প্রশাসন ।

২৬ আগষ্ট কাবুল বিমানবন্দৰ অঞ্চলত আত্মঘাতী আক্ৰমণ চলাইছিল আইএছ-কেয়ে । এই ঘটনাত প্ৰায় ১৭০ জন আফগান নাগৰিক আৰু আমেৰিকাৰ ১০ জন নাগৰিকৰ মৃত্যু হয় । ২৯ আগষ্টত ইয়াৰ ‘প্ৰতিশোধ’ লয় আমেৰিকাই । পেন্টাগনে জনায়, ভৱিষ্যতে যাতে এনে আক্ৰমণ সংঘটিত নহয় তাৰ বাবে ড্র’ন আক্ৰমণ চলোৱা হৈছে ।

আমেৰিকাই আফগানিস্তান ত্যাগ কৰাৰ সময়ত বাইডেন প্রশাসনৰ ‘ফাইনেল এছল্ট’ক লৈ মাতামাতি কম হয়নি।

কিন্তু সপ্তাহান্তত জানিবলৈ পোৱা যায়, আইএছ-কে-ৰ যিজন পৰিকল্পনাকাৰীক নিঃশেষ কৰাৰ দাবী জনাইছিল আমেৰিকাই, তেওঁ এতিয়াও সু-শৰীৰে আছে । ইয়াৰ পৰিৱৰ্তে আমেৰিকাৰ ড্র’ন আক্ৰমণত মৃত্যু হৈছে আমেৰিকাৰেই এজন সহযোগী আফগানৰ ।

৩১ আগষ্ট আফগানিস্তান ত্যাগ কৰাৰ আগতে, ২৯ আগষ্ট কাবুলত আমেৰিকাৰ সেই শেষ ড্র’ন আক্ৰমণত মৃত্যু হৈছিল প্ৰায় ১০ জনৰ । পাছত জানিবলৈ পোৱা যায়, নিহতসকলৰ ভিতৰত কেইটিমান শিশুও আছে ।

সংবাদ সংস্থা এএফপি-ক কাবুলৰ বাসিন্দা আইমল আহমেদিয়ে জনাইছিল, ‘‘আমেৰিকাৰ ড্র’ন আক্ৰমণত মোৰ ভাতৃ এজমাৰাই আহমেদিৰ মৃত্যু হৈছে । মোৰ কনিষ্ঠ কন্যা, ভাগীন, ভাগ্নীয়েও আমেরিৰিকাৰ ড্র’ন আক্ৰমণত প্রাণ হেৰুৱাইছে । আক্ৰমণৰ সময়ত এজমাৰাই গাড়ী চলাই আছিল ।’’

সংবাদ সংস্থা এএফপি-য়ে জনায়, ইলেকট্রিকেল ইঞ্জিনিয়াৰ এজমাৰাই আহমেদি কেলিফ’র্নিয়াৰ এটা সংস্থাত চাকৰি কৰিছিল । আফগান পৰিস্থিতি অশান্ত হোৱাৰ পাছত আন আন আফগানৰ দৰে এজমাৰাইও আমেৰিকাত বসবাসৰ অনুমতি বিচাৰিছিল । লক্ষ্য আছিল যিকোনো প্ৰকাৰে আফগানিস্তান ত্যাগ কৰা ।

ভিডিঅ’ বিশ্লেষণ প্রকাশ্যত অহাৰ পাছত নতুনকৈ প্রশ্ন উত্থাপন হৈছে, আমেৰিকাৰ ড্র’ন আক্ৰমণক লৈ । লগতে একাধিক বিস্ফোৰণৰ যি তত্ত্ব দিছে আমেৰিকাৰ সেনা বিষয়াসকলে, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে এই দৈনিক সংবাদপত্রৰ ভিডিঅ’ বিশ্লেষণে ।

Post a Comment

0 Comments