ৰঙীন পোছাক, অনাবৃত মুখ, তালিবানৰ বোৰ্খা নীতিৰ অভিনৱ প্ৰতিবাদ আফগান মহিলাসকলৰ

Odd অসম: শৰীৰ ঢাকবিলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত পোছাকেই যথেষ্ট । বোৰ্খা এৰি তালিবানক সেয়াই বুজাই দিলে আফগান মহিলাসকলে । কিন্তু এইবাৰ কিছু অন্য প্ৰকাৰে । পৰম্পৰাগত আফগান পোছাকত নিজকে সজাই কেমেৰাৰ সন্মুখত থিয় হয় তেওঁলোকে । তাৰ পাছত নিজৰ ছবি তুলি প’ষ্ট কৰিলে সামাজিক মাধ্যমত । সেই ছবিৰ বিৱৰণত হেছটেগ দি তালিবানক উদ্দেশ্যি এটা সতর্কবার্তা লিখে —#DoNotTouchMyClothes অর্থাৎ ‘মোৰ পোছাকত হাত নিদিব’‌ ।

আফগানিস্তানৰ নতুন তালিবান চৰকাৰে ২৪ ঘণ্টা আগতেই ঘোষণা কৰিছিল, শ্বৰিয়তি আইন মানি বোৰ্খা পৰিধান কৰিয়ে মহিলাসকলে কামত যোগ দিব পাৰিবে । এই প’ষ্ট আৰু হেছটেগ তাৰেই প্রতিবাদ । এই অভিনৱ প্রতিবাদক লৈ আন্তর্জাতিক মহলতো আলোচনা চলিছে ।

দেওবাৰে নিশাৰ পৰাই আফগানিস্তানসহ বিশ্বৰ বিভিন্ন প্রান্তত থকা আফগান মহিলাসকলৰ পৰম্পৰাগত পোছাকৰ ছবি বিয়পি পৰিছে সামাজিক মাধ্যমত । সেই ছবিবোৰত দেখা গৈছে গেৰুৱা ঢাকখোৱা পোছাক পৰিধান কৰিছে আফগান মহিলাসকলে । পোছাকৰ হাতেও মণিবন্ধ ঢাকিছে । ৰঙীন পোছাক । মূৰত ৰঙীন ওৰণি । পৰম্পৰাগত পোছাকত মুখ নঢকাকৈয়ে ছবি তুলিছে আফগান মহিলাসকলে । ধূসৰ বা ক’লা বোৰ্খাৰ পৰিৱৰ্তে তেওঁলোকে বাছি লৈছে ৰং ।

Post a Comment

0 Comments