এইবাৰ সীতাৰ চৰিত্ৰত অভিনয় কৰিব বলিউডৰ কুইনে

Odd অসম: এইবাৰ সীতাৰ চৰিত্ৰত কংগনা ৰাণৌৱট। কৰিনা কাপুৰে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি কে’বাদিনো ধৰি উৰাবাতৰি ওলাই আহিছিল।

কিন্তু এইবাৰ ডাঙৰ পৰ্দাত পৌৰাণিক চৰিত্ৰটো তুলি ধৰিব কংগণা ৰাণৌৱতে। ছবিখনৰ শিৰোনাম হৈছে ‘সীতা, অৱতাৰ’ (সীতা: দ্য অৱতাৰ)


অভিনেতাজনে সামাজিক মাধ্যমত নিজেই এই কথা জানিবলৈ দিয়ে। ছবিখনৰ পোষ্টাৰ আপলোড কৰি তেওঁ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা বুলি শিৰোনাম দিয়ে।


তেওঁৰ লগত যিসকলে কাম কৰিছে তেওঁলোক সকলো প্ৰতিভাশালী অভিনেতা বুলিও লিখিছে অভিনেত্ৰীগৰাকীয়ে । ৰাম সীতাৰ আশীৰ্বাদ লৈয়ে আৰম্ভ কৰিছে এই নতুন ছবিখন ।


ছবিখনৰ পৰিচালক অলৌকিক দেশাই কয়, ‘যিসকলৰ মনত বিশ্বাস আছে তেওঁলোকক সমগ্ৰ বিশ্বই সহায় কৰে। এতিয়ালৈকে বাস্তৱত চৰিত্ৰটোৰ বিষয়ে তেনে কোনো ছবি নাই । সীতাৰ চৰিত্ৰত কংগনাক পাই মই আনন্দিত । মই নিশ্চিত যে এই ছবিখনে আমাৰ দৃষ্টিভংগী সলনি কৰিব ।


সম্প্ৰতি আন এখন ছবিত সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে ১২ কোটি টকা পাৰিশ্ৰমিক বিচাৰিছিল কৰিনাই । তাৰ পাছতে ট্ৰ’লৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী ।


সম্প্ৰতি সেই ট্ৰ’লৰ প্ৰত্যুত্তৰো দিছে কৰিনাই । আনহাতে কংগনাৰ ‘থালাইভি’ শেহতীয়াকৈ মুক্তি পাইছে। ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে। আগলৈ কে’বাখনো চলচ্চিত্ৰৰ কাম আছে, যাৰ তালিকাত নতুন সংযোজন হৈছে ‘সীতা অৱতাৰ’ ।

Post a Comment

0 Comments