উৎকোচ নিদিলে নহয় কাম! আৰক্ষীৰ জালত নগাঁও কোষাগাৰৰ মহিলা কৰ্মচাৰী…

Odd অসম: দীৰ্ঘদিনে উৎকোচ বিচাৰি হাৰাশাস্তি কৰি অহা নগাঁও কোষাগাৰত বুধবাৰে আৰক্ষীৰ জালত পৰিল কোষাগাৰ কৰ্মচাৰী ৷ এগৰাকী আৰক্ষী কনিষ্টবলে পাঁচ দিনে জি পি এফৰ ধন আদায় পাবলৈ কোষাগাৰৰ কৰ্মচাৰীক উৎকোচ নিদিয়াৰ বাবে কাম নোহোৱাত কনিষ্টবল প্ৰবীন বৰা শৰণাপন্ন হয় নগাঁৱৰ আৰক্ষী অধীক্ষকৰ৷ অভিযোগ ভিত্তিত অধীক্ষক আনন্দ মিশ্ৰই অসামৰিক পোচাকত মহিলা আৰক্ষী সহ এটি দল কোষাগাৰলৈ প্ৰেৰণ কৰে ৷ উৎকোচ দাবী কৰা কোষাগাৰৰ কৰ্মচাৰী খুচবু হৰলালকাক প্ৰবীণ বৰাই এহেজাৰ টকা আদায় দিয়ে ৷

খুচবুয়ে হাঁহি হাহিঁ টকা লৈ কাম হৈ যাব বুলি কোৱাৰ লগে লগে অসামৰিক পোচাকত থকা আৰক্ষী কনিষ্টিবল গৰাকীয়ে কোষাগাৰ কৰ্মচাৰী খুচবুক হাতে লোতে কৰায়ত্ত কৰে ৷ লগে লগে কোষাগাৰৰ ভিতৰত হুলস্হূলীয়া এক পৰিবেশৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্হিতি নিয়ন্ত্ৰণ কৰে ৷জানিব পৰা মতে, ব্যক্তিগত সমস্যাৰ বাবে জি পি এফৰ পৰা আগধন ল’ব বিচৰা কনিষ্টবল প্ৰবীণ বৰাই এহেজাৰ টকাটো দিবলৈ দুজন সহকৰ্মীৰ পৰা ধাৰলৈ ল’ব লগা হৈছিল৷ এই ঘটনাৰ পিছত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে- এজন মানুহ সমস্যাত পৰিহে জিপিএফৰ ধন লয়৷ আৰক্ষীকে যদি উৎকোচ বিচাৰে সাধাৰণ মানুহৰ কি হ’ব৷

Post a Comment

0 Comments