Odd অসম: বাস্তৱতো খলনায়ক ৰানা ডগ্গুবতী । বুধবাৰে এনফ’র্ছমেন্ট ডিৰেক্টৰেট (ইডি) দফতৰত মাতিলে তেলুগু ছবিৰ জনপ্রিয় অভিনেতাজনক । তেওঁ ২০১৭ৰ মাদক আৰু অর্থ কেলেংকাৰী গোচৰত জড়িত, এই অভিযোগত অভিযুক্ত ৰানা । সেই ঘটনাৰ বাবেই ‘বাহুবলী’ৰ খলনায়কক মতা হৈছে বুলি জনায় বলিউড সংবাদমাধ্যমে ।
কেৱল ৰানাই নহয়, তেওঁৰ স’তে আৰু ১০ অভিনেতা-পৰিচালকে ইডি দফতৰত চমন পাইছে । ইয়াৰ আগতে ৩১ আগষ্ট কেন্দ্রীয় সংস্থাত হাজিৰ দিছিল জনপ্রিয় পৰিচালক পুৰী জগন্নাথ, অভিনেতা চার্মি কৌৰ, ৰাকুল প্রীত সিং, নন্দুসহ বহুজনে ।
0 Comments