Odd অসম: গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগৰা অঞ্চলত প্ৰায় ৬ মাহ পূৰ্বে লখিমপুৰৰ তুল দত্তৰ হত্যাকাণ্ডৰ সতে জড়িত ঢকুৱাখনা জালভাৰী গাঁওৰ হত্যাকাৰী গেৰজাই ক গ্ৰেপ্তাৰ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰিছে। ঢকুৱাখনা সদৰ থানাৰ অচি নিৰঞ্জন বৰুৱাৰ আৰু মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ নেতৃত্বত চলা এক অভিযান কালত দুধর্ষ হত্যাকাৰীটোক ঢকুৱাখনা থানাৰ অন্তৰ্গত কপহুৱা গাঁওত অভিযান চলাই গেৰজাই ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি হত্যাকাৰীটোক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।
0 Comments