বকোত শালগছ কাটি তহিলং: বনৰীয়া হাতীয়ে সৃষ্টি কৰা আতংকৰ সুযোগ গ্ৰহণ কৰিছে চোৰাং বেপাৰীয়ে…

Odd অসম: কামৰূপ জিলাৰ বকোত বনৰীয়া হাতীয়ে ৰাইজৰ মাজত আতংক সৃষ্টি কৰাৰ সুযোগ গ্ৰহণ কৰি একাংশ চোৰাংবেপাৰীয়ে দিনে-নিশাই মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছে । পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰাজাপাৰা শালনীবাৰীত ত্ৰিশটা হাতীয়ে যোৱা এমাহ ধৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে । বনৰীয়া হাতীৰ জাকটোৱে ৰাজাপাৰা শালনীবাৰীৰ আশে-পাশে থকা গাঁৱবোৰত সোমালে ৰাইজে খেদি পঠিয়াই দিয়াত ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি শালনীবাৰীত অবাধে চোৰাংবেপাৰীয়ে মূল্যৱান শালগছ কটি তহিলং কৰিছে ।

বিশেষকৈ ৰাজাপাৰা মুহিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পিছ্ফালে থকা শালনীবাৰীৰ পৰা এনেদৰে মূল্যৱান গছ কাটি নিছে গছবোৰৰ গুৰিবোৰ দেখিলেই দুখ লাগি যায় । একে ঠাইতে সৰু-ডাঙৰ কমেও পঞ্চাশজোপা শালগছ কেইদিনমান আগতে কাটি নিছে । ৰাজাপাৰাৰ পৰা কিছু দূৰৈত থকা বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ এতিয়ালৈকে খবৰে নাই ।  গাঁৱখনৰ আনটো মূৰত শিংৰা বন নিৰীক্ষণ কাৰ্যালয়ো আছে ।

বনবিভাগৰ দুয়োটা কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ৰাজাপাৰাৰ পৰা এনেদৰে শাল গছ কাটি তহিলং কৰাত গম নোপোৱাৰ আঁৰত থকা গোপন ৰসহ্যৰ বিষয়ে ৰাইজে নুবুজাকৈ থকা নাই। বনবিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে গোপন বুজাবুজি নাথাকিলে চোৰাংবেপাৰীয়ে গছ-গছনি কাটি তহিলং কৰাটো একেবাৰেই অসম্ভৱ সেয়াও ৰাইজে বুজি পোৱা হৈছে । উল্লেখযোগ্য যে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ মূল্যৱান শালগছ সমূহ চোৰাংবেপাৰীয়ে কাটি ইতিমধ্যে তহিলং কৰিছে । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে কিছু গছহে আছে ।

ৰাষ্ট্ৰীয় ঘাইপথটোৰ আশে-পাশে থকা শাল গছবোৰো চোৰাংবেপাৰীয়ে কাটিবলৈ আৰম্ভ কৰিছে । যি হাৰত সেই গছখিনিও চোৰাংবেপাৰীয়ে কাটি আহিছে অতি সোনকালে যে সেইখিনিও তহিলং হ’ব সেয়া নিশ্চিত । পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ এলেকাৰ বামুণীগাওঁ , শিংৰা , নগৰবেৰা, ছয়গাঁৱ , কুলশী , লোহাৰঘাট, কুকুৰমাৰকে ধৰি বনবিভাগৰ কাৰ্যালয়বোৰত যিমান বিষয়া-কৰ্মচাৰী আছে এলেকাটোত সিমান সংখ্যক শালগছে নাই বুলি ক’লে বঢ়াই কোৱা নহ’ব ।

Post a Comment

0 Comments