পাকিস্তানৰ অৰ্ধেকাংশ নাগৰিকে আফগানিস্তানত বিচাৰে তালিবানৰ শাসন

Odd অসম: পাকিস্তানৰ আধাতকৈও অধিক নাগৰিকে আফগানিস্তানত তালিবানৰ শাসনৰ সপক্ষে মত প্ৰকাশ কৰিলে। সমীক্ষক প্রতিষ্ঠান গেলপ ইণ্টাৰনেচনেল এছ’চিয়েচনে এই সন্দৰ্ভত চলােৱা এক সমীক্ষাত ২৪০০ জন পাকিস্তানী নাগৰিকৰ আফগানিস্তানত তালিবানৰ শাসনৰ সন্দৰ্ভত মত গ্ৰহণ কৰা হৈছিল।

সমীক্ষাটোত অংশ লােৱা ৫৫ শতাংশ পাকিস্তানী নাগৰিকে আফগানিস্তানত তালিবানৰ শাসনৰ সপক্ষে মত প্রকাশ কৰে।মাত্র ২৫ শতাংশ পাকিস্তানী নাগৰিকেহে তালিবানৰ শাসনত সুখী নহয় বুলি সমীক্ষাটোত ব্যক্ত কৰাৰ বিপৰীতে ২০ শতাংশ অংশগ্রহণকাৰীয়ে এই সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে।

Post a Comment

0 Comments