সাধাৰণ জনতাৰ মূৰত মাধমাৰ! পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

 

সাধাৰণ জনতাৰ মূৰত মাধমাৰ:পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামপূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে।যমধ্যবিত্তৰ মূৰত পুনৰ মাধমাৰ! পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিলোগ্ৰামৰ  প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। ১০৭৯ টকা হ’লগৈ প্ৰতিটো চিলিণ্ডাৰৰ দাম।

পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে। ইমানদিনে ১০২৯ টকাত চিলিণ্ডাৰ কিনিছিল জনসাধাৰণে। আজিৰে পৰা সেই চিলিণ্ডাৰ কিনিব লাগিব ১০৭৯ টকাত। ৰন্ধন গেছৰ ৰাজসাহায্যও কাৰ্যত উঠাই দিছে কেন্দ্ৰীয় চৰকাৰে।

১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বাঢ়িলেও বাণিজ্যিক ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে গেছত খাদ্য প্ৰস্তুত কৰিবলৈ দহবাৰ ভাবিব লাগিব দুখীয়া তথা মধ্যবিত্তসকলে।

Post a Comment

0 Comments