অৱশেষত নাম সলনি হ’ল ফে’চবুক ইনকৰ্প’ৰেচনৰ। শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ সহ প্ৰতিষ্ঠাপক আৰু মুখ্য কার্যবাহী বিষয়া মার্ক জুকাৰবার্গে এই কথা প্রকাশ কৰি কয় যে এতিয়াৰে পৰা ফে’চবুক প্ৰতিষ্ঠানটো ‘মেটা প্লেটফৰ্মছ ইনকৰ্প’ৰেচন’ বা সংক্ষেপে মেটা হিচাপে পৰিচিত হ’ব। শুকুৰবাৰে ভার্চুবেল সম্বোধনত জুকাৰবাৰ্গে ফে’চবুকৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰি কয়, ‘নতুন নামটোৱে ছ’চিয়েল মিডিয়াৰ সেৱাৰ পৰিৱৰ্তে মেটাভাৰ্চত বিনিয়োগৰ লক্ষ্যক প্রতিফলিত কৰিছে। আমি গৌৰৱবে ঘোষণা কৰো যে আজিৰে পৰা আমাৰ সংস্থা মেটা নামৰে পৰিচিত হ’ব। আমাৰ লক্ষ্য একেই আছে। এতিয়াও সকলোকে একত্রিত কৰিবলৈ আ…
ভয়াৱহ দুৰ্ঘটনা- চাৰি টেট পৰীক্ষাৰ্থীসহ বাহন উফৰি গৈ পৰে দ’ খাৱৈত। শিলচৰত সংঘটিত হৈছে এই ভয়াৱহ পথ দূৰ্ঘটনাটো। কথামাপি প্ৰাণ ৰক্ষা পৰে চাৰিজনকৈ টেট পৰীক্ষাৰ্থীৰ ৷ শিলচৰত টেট পৰীক্ষা দিবলৈ কৰিমগঞ্জৰ পৰা আহি আছিল আটাইকেজন ৷ কাছাৰৰ ৰাণীঘাটৰ কুমাৰপাড়াত সংগঠিত হৈছে দূৰ্ঘটনাটো ৷ মাজতে হঠাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত দ’ খাৱৈত বাগৰি পৰে ৷ পথৰ কেইবা মিটাৰ তলত জলাশয়ত বাগৰি পৰে বাহনখন ৷ ঘটনাত দৈবক্ৰমে কেউগৰাকী টেট পৰীক্ষাৰ্থী প্ৰাণ ৰক্ষা পৰে যদিও কিছু পৰিমানে কেউজনেই আহত হৈছে, বাহনখনৰ চালকজনো দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত ৷ স্থানীয়সকলে দুৰ্ঘটনাটো দেখ…
মেষ: দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব। পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ। শুভ ৰং বেঙুনীয়া। বৃষ : কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে। আৰ্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব। শুভ ৰং নীলা। মিথুন: সাধাৰণ খংৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব। শুভ ৰং আকাশী নীলা। কৰ্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্ৰতি যত্ন লোৱাটো দংকাৰ বিদ্যাৰ্থীৰ মধ্যম। বন্ধু-ব…
Odd অসম: বনৰ ৰজা বাঘতকৈও অধিক ভয়ানক হৈ পৰিছে এতিয়া বান্দৰ । এফালে হেজাৰ হেজাৰ বান্দৰৰ বাবে খাদ্য সংকটৰ পৰিস্থিতি আনহাতে, আশ্বৰ্যজনকভাবে বান্দৰৰ বংশ বৃদ্ধিয়ে শংকিত কৰি তুলিছে উত্তৰ গুৱাহাটীবাসীক । বান্দৰৰ উপদ্ৰপৰ বাবে উত্তৰ গুৱাহাটীৰ অধিকাংশ খেতিয়কে এতিয়া খেতি কৰিবলৈ এৰিছে । বান্দৰৰ উপদ্ৰপৰ বাবে মাণব সমাজলৈ নামি অহা ভয়াবহ প্ৰত্যাহ্বান সম্পৰ্কত নিমাত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠণ । পুৱাই ভোকাতুৰ বান্দৰৰ জাকে ঘৰৰ টিনপাতত আস্ফাৰন কৰি গৃহস্থৰ শান্তি বিঘ্নিত কৰাই নহয় বলপুৰ্বকভাৱে গৃহত প্ৰৱেশ কৰি খাদ্য সামগ্ৰীৰ টোপোলাও লৈ যায় । বান্দৰৰ এই কাৰ্যৰ প্ৰতিৰ…
আজি বিশ্ব পৰ্যটন দিৱস। বিশ্ব পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আপোনালোকক উত্তৰ-পূবৰ এনে কেইখনমান গাঁৱৰ সৈতে চিনাকি কৰাই দিব খুজিছো যিকেইখন গাঁও প্ৰতিগৰাকী ভ্ৰমণ প্ৰেমী লোকৰে ‘ড্ৰীম ভে’কেশ্যন’ৰ তালিকাত থকা উচিত। জুলুক, ছিকিম সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ ফুট উচ্চতাত থকা ছিকিমৰ জুলুক গাঁও এসময়ত ঐতিসাহিক ছিল্ক ৰ’টৰ ট্ৰান্জিন্ট পইণ্ট আছিল। জুলুকৰ পৰা ১৪ কিঃমিঃ নিলগত থকা থাম্বি ভিউ পইণ্টৰ পৰা কাঞ্চনজংগা পৰ্বতমালাৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়। হৰিণ, হিমালয়ী ভালুক, বাঘ, ৰঙা পাণ্ডা আদি ইয়াত দেখিবলৈ পোৱা যায়। গৰমৰ মাহ কেইটাত গোটেই অঞ্চলটো ৰড’ডেনড্ৰন ফুলে…
অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত কিছু পৰিমাণে বৰষুণৰ হোৱাৰ সম্ভৱনা। এই সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কিছু কিছু স্থানত বৰষুণৰ লগতে থাকিব ধেৰেকনি। উল্লেখযোগ্য বিগত কিছুদিন ধৰি গৰমে দহিছে সমগ্ৰ অসম। তাৰ মাজতে সোমবাৰে মহানগৰীৰ লগতে কিছু কিছু প্ৰান্তত বৰষুণ হোৱা দেখা যায়।
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত। সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়- ‘ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দলেয়ে নহয়’ ‘বিজেপি দেশৰ জনগণৰ বাবে উৎসৰ্গিত এক ৰাজনৈতিক সত্ত্বা’ ‘ভাৰতৰ সভ্যতা সংস্কৃতিয়ে নতুন গতি লাভ কৰিছে’ ‘লুইতৰ পাৰত থিয় হৈ প্রধানমন্ত্রীৰ দীৰ্ঘায়ু কামনা কৰিছো’ ‘ভাৰতবৰ্ষক বিশ্বগুৰু আসনত প্রতিষ্ঠা কৰক’ ‘মোডীৰ নেতৃত্বত বিজেপিয়ে উন্নতিৰ শিখৰত অৱনীত হৈছে’ ‘আমাৰ সমস্যা নিৰীক্ষণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোডী আছে’ ‘আমি নৰেন্দ্র মোডী হ’ব নোৱাৰো’ ‘কিন্তু নৰেন্দ্র মোডীৰ আদৰ্শ, পদাংক অনুসৰণ কৰিব পাৰো’ ‘বগীবিল, ধলাশদিয়াৰ ৰাস্…
Social Plugin