দিনটোৰ ৰাশিফল

মেষ: দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব। পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ। শুভ ৰং বেঙুনীয়া।

বৃষ : কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে। আৰ্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব। শুভ ৰং নীলা।

মিথুন: সাধাৰণ খংৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব। শুভ ৰং আকাশী নীলা।

কৰ্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্ৰতি যত্ন লোৱাটো দংকাৰ বিদ্যাৰ্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা।

সিংহ : ধৈৰ্যৰে প্ৰতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম৷ ভ্ৰমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যোৱা টান। নতুন সংবাদত আনন্দ। শুভ ৰং ক্রীম।

কন্যা : আনৰ কথাত অসন্তুষ্টি প্রকাশ। শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই ।আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব। শুভ ৰং ক’লা।

তুলা :সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আৰ্থিকত চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। ব্যস্ততা। শুভ ৰং কমলা।

বৃশ্চিক : কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হলেও থাকিব। শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা।

ধনু : দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অৰ্থ লাভ। স্বাৰ্থৰ বাহিৰত থকালৈ আপোনাৰ অহৈতুক অবিশ্বাস হ’ব। শুভ ৰং হালধীয়া।

মকৰ : মধ্যম হলেও সাৱধানেৰে দিনটো পাৰ কৰক। খৰচ পাতিৰ লগত কোনোৰ বাবে মনত দুখ বা অযথা কৰ্মত সময় অপব্যয় হ’ব। বিদ্যাত জটিলতা নাপায়। কর্মাদিও অযথা মন্থৰতা। শুভ ৰং ৰঙা!

কুম্ভ : ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়। শুভ ৰং সেউজীয়া।

মীন: খং-ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ নাই। অৱশ্যে প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব। শুভ ৰং বেঙুনীয়া।

Post a Comment

0 Comments