উত্তৰ গুৱাহাটীত বান্দৰত আক্ৰমন

Odd অসম: বনৰ ৰজা বাঘতকৈও অধিক ভয়ানক হৈ পৰিছে এতিয়া বান্দৰ । এফালে হেজাৰ হেজাৰ বান্দৰৰ বাবে খাদ্য সংকটৰ পৰিস্থিতি আনহাতে, আশ্বৰ্যজনকভাবে বান্দৰৰ বংশ বৃদ্ধিয়ে শংকিত কৰি তুলিছে উত্তৰ গুৱাহাটীবাসীক ।

বান্দৰৰ উপদ্ৰপৰ বাবে উত্তৰ গুৱাহাটীৰ অধিকাংশ খেতিয়কে এতিয়া খেতি কৰিবলৈ এৰিছে ।

বান্দৰৰ উপদ্ৰপৰ বাবে মাণব সমাজলৈ নামি অহা ভয়াবহ প্ৰত্যাহ্বান সম্পৰ্কত নিমাত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠণ । পুৱাই ভোকাতুৰ বান্দৰৰ জাকে ঘৰৰ টিনপাতত আস্ফাৰন কৰি গৃহস্থৰ শান্তি বিঘ্নিত কৰাই নহয় বলপুৰ্বকভাৱে গৃহত প্ৰৱেশ কৰি খাদ্য সামগ্ৰীৰ টোপোলাও লৈ যায় ।

বান্দৰৰ এই কাৰ্যৰ প্ৰতিৰোধৰ বাবে আগবাঢ়িলেই আক্ৰমণ কৰে সাধাৰণ ৰাইজক । আজি পুৱা তিনি কিশোৰী প্ৰাত: ভ্ৰমণৰ বাবে যোৱাৰ অৱস্থাত তাৰে এগৰাকী কিশোৰীক শিলসাকোঁৰ পথত বাট আগচি আক্ৰমণ কৰে বান্দৰে।

লগৰ দুই কিশোৰী ভয়ত বিতত হৈ চাই থাকোতে বান্দৰৰ কামোৰত ক্ষত বিক্ষত হয় । অঞ্চলতোৰ বান্দৰসমূহ ইমানেই হিংশ্ৰু হৈ পৰিছে যে দৈনিক পাঁচ জনৰ পৰা ছজন লোক উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হোৱা ৰেকৰ্ড সম্প্ৰতি পোহৰলৈ আহিছে ।

Post a Comment

0 Comments