ভয়াৱহ দুৰ্ঘটনা- চাৰি টেট পৰীক্ষাৰ্থীসহ বাহন উফৰি গৈ পৰে দ’ খাৱৈত

ভয়াৱহ দুৰ্ঘটনা- চাৰি টেট পৰীক্ষাৰ্থীসহ বাহন উফৰি গৈ পৰে দ’ খাৱৈত। শিলচৰত সংঘটিত হৈছে এই ভয়াৱহ পথ দূৰ্ঘটনাটো।

কথামাপি প্ৰাণ ৰক্ষা পৰে চাৰিজনকৈ টেট পৰীক্ষাৰ্থীৰ ৷ শিলচৰত টেট পৰীক্ষা দিবলৈ কৰিমগঞ্জৰ পৰা আহি আছিল আটাইকেজন ৷

কাছাৰৰ ৰাণীঘাটৰ কুমাৰপাড়াত সংগঠিত হৈছে দূৰ্ঘটনাটো ৷ মাজতে হঠাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত দ’ খাৱৈত বাগৰি পৰে ৷

পথৰ কেইবা মিটাৰ তলত জলাশয়ত বাগৰি পৰে বাহনখন ৷ ঘটনাত দৈবক্ৰমে কেউগৰাকী টেট পৰীক্ষাৰ্থী প্ৰাণ ৰক্ষা পৰে যদিও কিছু পৰিমানে কেউজনেই আহত হৈছে, বাহনখনৰ চালকজনো দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত ৷

স্থানীয়সকলে দুৰ্ঘটনাটো দেখি লগে লগে সেই স্থানত উপস্থিত হৈ কেউজনকে উদ্ধাৰ কৰাৰ লগতে আহত চালককো উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে ৷ আনহাতে আটাইকেজন পৰীক্ষাৰ্থীকো পৰীক্ষাকেন্দ্ৰলৈ প্ৰেৰণ কৰে স্থানীয়সকলে ৷

Post a Comment

0 Comments