সাপে কামোৰাৰ পিছতো জন্মদিনৰ আনন্দ ম্লান নপৰিল বলীউদৰ অভিনেতা ছলমান খানৰ (Salman Khan)। জন্মৰ ঠিক আগদিনা সাপে কামুৰিছিল অভিনেতাজনক। সৌভাগ্যক্ৰমে সেয়া বিষধৰ সাপ নাছিল। ৫৬ বছৰত ভৰি দিলে ছলমানে। স্বাভাৱিকভাৱেই পৰিয়াল, আত্মীয়, বন্ধু–বান্ধৱীৰ পৰা বহু দামী উপহাৰ পালে ছলমান খানে। যিসকলে তেওঁক দামী উপহাৰ দিছে তেওঁলোকৰ ভিতৰত আছে কেটৰিনা কাইফো (Katrina Kaif)। সূত্ৰ অনুসৰি, কেটৰিনাই ছলমানক দিছে সোণৰ ব্ৰেছলেট। যাৰ দাম ২–৩ লাখ টকা। ছচিয়েল মিডিয়াযোগেও ছলমানক জন্মদিনৰ শুভকামনা জনায় কেটৰিনাই। আৰু লগতে প্ৰেৰণ কৰে দামী উপহাৰ। কেটৰিনাৰ উপৰি জেকলিন ফাৰ্ণাণ…
অভিনেত্ৰী-নৃত্যশিল্পী নোৰা ফাতেহী কোভিড১৯ত আক্ৰান্ত হৈছে। বৰ্তমান চিকিৎসকৰ পৰ্যৱেক্ষণত আছে নোৰা ফাতেহী। নোৰাৰ মুখপাত্ৰই কোৱা মতে ২৮ ডিচেম্বৰত নোৰা ফাতেহীক কোভিড পজিটিভ পোৱা গৈছে। "কোভিড প্ৰটোকল পালন কৰি নোৰা ২৮ ডিচেম্বৰৰ পৰা চিকিৎসকৰ পৰ্যৱেক্ষণৰ অধীনত আছে আৰু কোৰোণা সুৰক্ষা আৰু নিয়মাৱলী পালনৰ বাবে বিএমচিৰ সৈতে সহযোগিতা কৰি আহিছে।" নোৰাৰ মুখপাত্ৰজনে স্পষ্ট কৰি দিছে যে অভিনেত্ৰীগৰাকীৰ এলাই থকা ফটোবোৰ আগৰ আৰু বৰ্তমান নোৰাই "শেহতীয়াকৈ ক'তো বাহিৰলৈ ওলাই অহা নাই"। নোৰাক অলপতে গায়ক গুৰু ৰন্ধাৱাৰ সৈতে ডান্স মেৰী ৰাণী গানট…
নাগালেণ্ড টিপি-ওটিং বস্তি সংযোগী পথত যোৱা ৪ ডিচেম্বৰত সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত ১৩ জনকৈ সাধাৰণ লোকে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাৰ তদন্তই শেহতীয়াকৈ বিশেষ গতি লাভ কৰিছে । সেনা বাহিনীৰ এটি বিশেষ তদন্তকাৰী দলে ২৯ ডিচেম্বৰত ঘটনাস্থলী তথা ওটিং বস্তিলৈ গৈ তদন্ত কৰাৰ পিছত ৩০ ডিচেম্বৰৰ পৰা যোৰহাটত নাগালেণ্ডৰ পৰা অহা এই ঘটনাৰ বিশেষ তদন্তকাৰী দলটোৱে সেনাবাহিনীৰ উক্ত অভিযানটোত ভাগ লোৱা বিষয়া, জোৱানসকলৰ ওপৰত বিশেষ তদন্ত আৰম্ভ কৰিছে ।
পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এয়া ৷ কিন্তু নতুন বছৰৰ প্ৰাকমুহূৰ্তত আমি উভতি যাব বিচাৰিছো ২০২১ বৰ্ষৰ সেই কণ্টকময়, বিভীষিকাময় সময়ৰ মাজলৈ ৷ য'ত প্ৰতিখোজতে আছিল কোভিড মহামাৰীৰ প্ৰত্যাহ্বান। ২০২১ৰ পহিলা জানুৱাৰীত আক্ৰান্ত সংখ্যা যদিওৱা তেনেই নগণ্য আছিল তথাপিও সকলোৰে মাজত আছিল অধিক ভয় আৰু শংকা ৷ কিয়নো কেতিয়াৰ পৰা জনতাই লাভ কৰিব কোভিড ভেকচিন তাক লৈ নাছিল কোনো নিশ্চয়তা। পিছে বহু অপেক্ষা, উৎকণ্ঠাৰ অন্ত পেলাই আহিছিল সেই বিশেষ দিনটো ৷ ১৬ জানুৱাৰী ২০২১ ৷ সমগ্ৰ দেশৰ লগতে অসমত আৰম্ভ হৈছিল কোভিড প্ৰতিশেষক ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সেই সময়ৰ স্বাস্…
প্ৰতিবছৰে ৩১ ডিচেম্বৰ নিশা ৰাজ্যত সংগঠিত হয় একাধিক পথ দুৰ্ঘটনা । সেইবাবে এই বছৰ পোন প্ৰথমবাৰৰ বাবে "দুৰ্ঘটনা মুক্ত ৩১ ডিচেম্বৰ" পালন কৰাৰ প্ৰয়াস গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । মূখ্যমন্ত্ৰীৰ 'দুৰ্ঘটনা মুক্ত ৩১ ডিচেম্বৰক' সম্মুখত ৰাখি ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰস্তুতি আৰম্ভ কৰিছে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে ।
আজি পুৱাই বিয়পি পৰে ক'লা ল'ৰা ওৰফে নীৰজ দাসৰ মৃত্যুৰ খবৰ। ঘটনাটোক লৈ বিভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৰহাটৰ গণ নিগ্ৰহৰ ঘটনাৰ মূল অভিযুক্ত 'ক'লা ল'ৰা' ওৰফে নীৰজ দাসে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে চিনামৰা খাৰিয়া চুকত এক গাড়ী দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। সূত্ৰ অনুসৰি নীৰজে আৰক্ষীৰ চলন্ত জীপৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল। তেওঁক সেই স্থানলৈ লৈ যোৱা হৈছিল য'ৰ পৰা তেওঁ তেওঁৰ অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। নিচাযুক্ত. সামগ্ৰী উদ্ধাৰৰ অজুহাতত তেওঁ তদন্তকাৰী বিষয়া (আই.ও.)-ক বিপথে পৰিচালিত কৰা দেখা গৈছি…
Odd অসম: নাগালেণ্ডৰ প্ৰতিষ্ঠিত হৰ্ণবিল মহোৎসৱৰ এই বছৰৰ সংস্কৰণ, যাক ব্যাপকভাৱে "উৎসৱৰ উৎসৱ" বুলি অভিহিত কৰা হয়, ইয়াৰ পৰম্পৰাগত বিন্যাসত অনুষ্ঠিত হ'ব । প্ৰতি বছৰে ১০ দিনীয়া সাংস্কৃতিক আৰু পৰ্যটনৰ সমাৰোহ ডিচেম্বৰৰ আৰম্ভণিতে আৰম্ভ হয় আৰু নাগালেণ্ডৰ ৰাজ্যৰ দিৱসৰ সৈতে মিলিত হয়। উৎসৱৰ ২০২১ সংস্কৰণত প্ৰায় ৭০০ টা পৃথক অনুষ্ঠান আছে। ৰাজ্য চৰকাৰৰ দ্বাৰা সমৰ্থিত এই ডাঙৰ অনুষ্ঠানটোত লোক নৃত্য, পৰম্পৰাগত সংগীত, জনজাতীয় ৰীতি-নীতি, থলুৱা খেল, স্থানীয় ৰন্ধন প্ৰণালী, হস্তশিল্প, শিল্পকৰ্ম আৰু বস্ত্ৰৰ জৰিয়তে বিবিধ নাগা জাতি প্ৰদৰ্শন কৰা হ…
Social Plugin