জন্মদিনত ১২ কোটিৰ ফ্লেট, দামী গাড়ী উপহাৰ পালে ছলমানে! কেটৰিনাই দিলে এই উপহাৰ


 সাপে কামোৰাৰ পিছতো জন্মদিনৰ আনন্দ ম্লান নপৰিল বলীউদৰ অভিনেতা ছলমান খানৰ (Salman Khan)। জন্মৰ ঠিক আগদিনা সাপে কামুৰিছিল অভিনেতাজনক। সৌভাগ্যক্ৰমে সেয়া বিষধৰ সাপ নাছিল। ৫৬ বছৰত ভৰি দিলে ছলমানে। স্বাভাৱিকভাৱেই পৰিয়াল, আত্মীয়, বন্ধু–বান্ধৱীৰ পৰা বহু দামী উপহাৰ পালে ছলমান খানে।

যিসকলে তেওঁক দামী উপহাৰ দিছে তেওঁলোকৰ ভিতৰত আছে কেটৰিনা কাইফো (Katrina Kaif)। সূত্ৰ অনুসৰি, কেটৰিনাই ছলমানক দিছে সোণৰ ব্ৰেছলেট। যাৰ দাম ২–৩ লাখ টকা। ছচিয়েল মিডিয়াযোগেও ছলমানক জন্মদিনৰ শুভকামনা জনায় কেটৰিনাই। আৰু লগতে প্ৰেৰণ কৰে দামী উপহাৰ। কেটৰিনাৰ উপৰি জেকলিন ফাৰ্ণাণ্ডেজ, শিল্পা শেট্টী, সঞ্জয় দত্তয়ো ছলমানক উপহাৰ দিলে দামী উপহাৰ। জেকলিনে ১০–১২ লাখ টকীয়া এটা ঘড়ী উপহাৰ দিছে ছলমানক। সঞ্জয় দত্তই দিলে এডাল হীৰাৰ ব্ৰেছলেট, যাৰ দাম ৭–৮ লাখ টকা। শিল্পা শেট্টীয়ে ছলমানক দিছে ১৬–১৭ লাখ টকীয়া দামী হীৰাৰ ব্ৰেছলেট। কিন্তু অনিল কাপুৰে দিয়া উপহাৰটো তাতকৈও দামী। অনিল কাপুৰে ছলমানক দিলে এটা লেডাৰ জেকেট, যিটোৰ নাম প্ৰায় ২৭–২৮ লাখ টকা।

বন্ধুবৰ্গৰ উপৰি ছলমানে পৰিয়ালৰ লোকৰ পৰাও পালে আকৰ্ষণীয় উপহাৰ। ভগ্নী অৰ্পিতাই ছলমানক উপহাৰ হিচাপে দিছে ১৫–১৭ লাখ টকাৰ এটা ৰোলেক্স ঘড়ী। ছলমানৰ ভাতৃ ছোহেল খানে ছলমানক এখন ২৫ লাখ টকাৰ BMW গাড়ী, আৰবাজ খানে ২–৩ কোটিৰ এখন অ’ডি গাড়ী উপহাৰ দিছে। অৰ্পিতাৰ স্বামী তথা অভিনেতা আয়ুষে ছলমানক উপহাৰ দিয়ে ৭৫ হাজাৰ টকাৰ সোণৰ চেইন। আৰু আটাইতকৈ ডাঙৰ উপহাৰটো দিছে পিতৃ ছেলিম খানে। জনা গৈছে, জুহুত ১২–১৩ কোটিৰ ভিতৰত এটা এপাৰ্টমেণ্ট ছলমানক উপহাৰ হিচাপে দিছে ছেলিম খানে। সকলো মিলাই এইবাৰ জন্মদিন সুন্দৰভাৱে পাৰ হ’ল ছলমান খানৰ।


Post a Comment

0 Comments