ইজনৰ পিছত সিজন বলীউড তাৰকা হৈছে কোৰোণাৰ চিকাৰ, এইবাৰ কোভিডত আক্ৰান্ত অভিনেত্ৰী নোৰা ফাতেহী

অভিনেত্ৰী-নৃত্যশিল্পী নোৰা ফাতেহী কোভিড১৯ত আক্ৰান্ত হৈছে। বৰ্তমান চিকিৎসকৰ পৰ্যৱেক্ষণত আছে নোৰা ফাতেহী। নোৰাৰ মুখপাত্ৰই কোৱা মতে ২৮ ডিচেম্বৰত নোৰা ফাতেহীক কোভিড পজিটিভ পোৱা গৈছে।

"কোভিড প্ৰটোকল পালন কৰি নোৰা ২৮ ডিচেম্বৰৰ পৰা চিকিৎসকৰ পৰ্যৱেক্ষণৰ অধীনত আছে আৰু কোৰোণা সুৰক্ষা আৰু নিয়মাৱলী পালনৰ বাবে বিএমচিৰ সৈতে সহযোগিতা কৰি আহিছে।"
নোৰাৰ মুখপাত্ৰজনে স্পষ্ট  কৰি দিছে যে অভিনেত্ৰীগৰাকীৰ এলাই থকা ফটোবোৰ আগৰ   আৰু বৰ্তমান নোৰাই "শেহতীয়াকৈ ক'তো বাহিৰলৈ ওলাই অহা নাই"।

নোৰাক অলপতে গায়ক গুৰু ৰন্ধাৱাৰ সৈতে ডান্স মেৰী ৰাণী গানটোৰ ভিডিঅ'ত দেখা গৈছিল। তেওঁলোক দুয়োজনে গানটোৰ প্ৰচাৰৰ কামত ব্যস্ত আছিল আৰু আনকি দ্য কপিল শৰ্মা শ্ব' (The Kapil Sharma Show), বিগ বছ ১৫ (Bigg Boss 15)ৰ দৰে ৰিয়েলিটি শ্ব'তো ওলাইছিল। ২১ ডিচেম্বৰত প্ৰিমিয়াৰৰ পিছত গানটো এটা বিগ হিট হৈ পৰিছে। ইউটিউবত এতিয়ালৈকে ৫৪ মিলিয়নতকৈও অধিক ভিউ লাভ কৰিছে গানটোৱে।
নোৰাই তেওঁৰ শেহতীয়া গীত ডান্স মেৰী ৰাণীত আফ্ৰিকাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সংস্কৃতি আৰু শৈলীৰ মিশ্ৰণ উপস্থাপন কৰিছে।










Post a Comment

0 Comments