নতুন বছৰৰ বাবে কিদৰে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ?

পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এয়া ৷ কিন্তু নতুন বছৰৰ প্ৰাকমুহূৰ্তত আমি উভতি যাব বিচাৰিছো ২০২১ বৰ্ষৰ সেই কণ্টকময়, বিভীষিকাময় সময়ৰ মাজলৈ ৷ য'ত প্ৰতিখোজতে আছিল কোভিড মহামাৰীৰ প্ৰত্যাহ্বান। ২০২১ৰ পহিলা জানুৱাৰীত আক্ৰান্ত সংখ্যা যদিওৱা তেনেই নগণ্য আছিল  তথাপিও সকলোৰে মাজত আছিল অধিক ভয় আৰু শংকা ৷ কিয়নো কেতিয়াৰ পৰা জনতাই লাভ কৰিব কোভিড ভেকচিন তাক লৈ নাছিল কোনো নিশ্চয়তা।

পিছে বহু অপেক্ষা, উৎকণ্ঠাৰ অন্ত পেলাই আহিছিল সেই বিশেষ দিনটো ৷ ১৬ জানুৱাৰী ২০২১ ৷ সমগ্ৰ দেশৰ লগতে অসমত আৰম্ভ হৈছিল কোভিড প্ৰতিশেষক ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ হৈছিল ভেকচিনেশ্যন পৰ্ব ৷ অৱশ্যে এই ভেকচিন সকলোৰে বাবে নাছিল ৷ কোভিডৰ বিৰুদ্ধে প্ৰথম শাৰীত যুঁজ দিয়া চিকিৎসক, স্বাস্থ্য কৰ্মী তথা আৰক্ষী প্ৰশাসনৰ লোকক প্ৰদান কৰা হৈছিল ভেকচিন ৷

Post a Comment

0 Comments